Zuben Garg Tribute:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মহানগৰীৰ পার্শ্বৱর্তী সেউজ পাহাৰৰে ঘেৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি জুবিন দিৱসৰ তৃতীয় দিন৷ প্ৰাণৰ শিল্পীৰ সমাধিত ধূপ-নৈবেদ্যৰে অনুৰাগীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি আছে। ধূপৰ গোন্ধ, ফুলৰ নিৰ্যাসৰ এক পবিত্র সমাহিত, বেদনাভৰা পৰিৱেশ। নামতীৰ পৰিবেশনৰ বিৰতিৰ মাজতে মাইকত ভাহি আহিছে ‘জয় জুবিনদা’, ‘জুবিন গাৰ্গ অমৰ হওক’।
বিগত বৰ্ষত ১৯ ছেপ্টেম্বৰত সমগ্র অসমবাসীক শোকৰ অথাই সাগৰত পেলাই থৈ সুদূৰ ছিংগাপুৰৰ সাগৰত প্রাণ হেৰুৱাইছিল অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গার্গে। সেইদিন ধৰি আৰু আজিও, হয়তো অনাদি অনন্ত কাললৈ ‘জয় জুবিনদা’ ধ্বনিত হৈ থাকিব। অমৰত্বৰ ধ্বনিও প্রতিধ্বনিত হৈ ৰ’ব এইখন অসমত আৰু পৃথিবীৰে বহু জুবিন প্ৰেমীৰ মাজত।
ছেপ্টেম্বৰৰ মাজভাগৰ এই দিনতো গ্রীষ্মই প্রকৃতিক এৰি দিয়া নাই যদিও সমাধি ক্ষেত্রত অভাৱ নাছিল জনতাৰ। অহাজন আহিছে, যোৱাজন ঘৰমুৱা হৈছে। প্ৰাণৰ শিল্পীক এবাৰ চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যাকুল হৈ আহিছে আবাল-বৃদ্ধ-বনিতা আৰু হুইল চেয়াৰত বহা জনো তথা বিশেষভাৱে সক্ষম লোক।শনিবাৰে পুৱাৰে পৰা শিল্পী জুবিন গাৰ্গৰ শেষ শয়নস্থলী দৰ্শন কৰিবলৈ অনুৰাগী দীঘলীয়া শাৰী ৷ লোকেলোকাৰণ্য জুবিন ক্ষেত্ৰৰ চৌদিশে ৷ ইয়াৰ মাজতে পুত্ৰলৈ পিতৃৰ শ্ৰদ্ধাঞ্জলি ৷ প্ৰখৰ ৰ’দকো নেওচি অসুস্থ দেহাৰে হুইলচেয়াৰত বহি জুবিন ক্ষেত্রলৈ আহিল পিতৃ কপিল বৰঠাকুৰ ৷ জুবিন ভগ্নী পামী বৰঠাকুৰৰ স’তে জুবিন পিতৃয়ে শয়নস্থলীত সেৱা লৈ পুত্ৰলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে ৷
ADVERTISEMENT































