Tezpur:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:তেজপুৰৰ বৰপুখুৰী আৰু পদুম পুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ ১৫ কোটিটকীয়া আঁচনি ৰূপায়ণৰ নামত সংঘটিত বৃহৎ কেলেংকাৰিক লৈ ক্ষুব্ধ হৈ উঠিছে তেজপুৰৰ বিভিন্ন সংগঠন তথা বিশিষ্ট নাগৰিক। ‘দৈনিক অগ্রদূত’ত উন্মোচিত হোৱা এই আঁচনি ৰূপায়ণৰ নামত গৃহ অৰু নগৰ পৰিক্ৰমা বিভাগগ্ৰ উত্তৰ অসম সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ঋতুপর্ণ ভট্টাচাৰ্যৰ তত্ত্বাৱধানত আৰু দায়িত্ববাহী কনিষ্ঠ অভিযন্ত্র জ্যোতিৰ্ময় নাথৰ তদাৰকত ঠিকাদাৰ সীতাৰাম বাগ্ৰীয়ে সম্পন্ন কৰা বিসংগতিপূৰ্ণ কামৰে বৃহৎ অংকৰ ধন লুণ্ঠনৰ ছবিখন প্ৰত্যক্ষ কৰাৰ পাছত জাঙুৰ খাই উঠিছে তেজপুৰ নাগৰিক সমাজ, তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা, শোণিতপুৰ জিলা সাংবাদিক সন্থা আদি সংগঠনৰ লগতে সচেতন ব্যক্তি বিশেষো।
ক্ষুব্ধ সংগঠনসমূহে এই আঁচনি ৰূপায়ণৰ স্থান পৰ্যবেক্ষণ কৰি ইয়াৰ ৰেহৰূপ প্রত্যক্ষ কৰাৰ পাছত সৰ্বসাধাৰণৰ কৰৰ টকাৰ এনে লুটপাট কাণ্ডৰ যথাযথ তদন্ত কৰি দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী তুলিছে বৰপুখুৰীৰ পাৰত থিয় হৈ আঁচনিখনৰ ৰূপায়ণৰ ৰেহৰূপ দেখা পাই হতচকিত হোৱা বুলি উল্লেখ কৰি তেজপুৰ নাগৰিক সমাজৰ সভাপতি পূৰ্ণেশ্বৰ নাথে কয়, ‘অৱহেলিত হৈ পৰি ৰোৱা বৰপুখুৰীক সজাই-পৰাই তোলাৰ কথা শুনি আমি সুখী হৈছিলো। কিন্তু এতিয়া এখন বিপৰীত ছবিহে ইয়াত দেখিছো। গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দায়িত্ববাহী অভিযন্তা আৰু ঠিকাদাৰে মিলি ইয়াত লুণ্ঠন চলালে। ফেন্সিং সম্পূর্ণ নহ’ল।

পুখুৰী জাবৰৰে পোত খাই ৰ’ল। শিলৰ স্পাৰে সৌন্দর্যবর্ধন কৰাৰ পৰিৱৰ্তে স্পাৰত গছ-বন গজিল। নাইনিতালৰ ‘নাইনি লেক’ৰ দৰে সুন্দৰকৈ গঢ়ি তোলাৰ অৱকাশ থকা বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ নামত ৰাইজৰ কৰৰ ধনৰ যি লুটপাট চলিল সেয়া এক অপৰাধ। এই অপৰাধৰে জড়িত চক্ৰটোক তদন্তৰ মাধ্যমৰে উলিয়াই গ্ৰেপ্তাৰ কৰাৰ বাবে নাগৰিক সমাজে তৎকালেই ইয়াৰ এক তদন্তৰ ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্ত আৰু ৰাজ্য চৰকাৰক দাবী জনাইছো।’ ১৫ কোটিটকীয়া আঁচনিৰ ৰূপায়ণৰ নামত গৃহ আৰুনগৰ পৰিক্ৰমা বিভাগৰ অভিযন্তা ঠিকাদাৰ চক্ৰই চলোৱা লুণ্ঠনৰ স্বৰূপ বুজি ক্ষুব্ধ হৈ পৰা নাগৰ্কি সমাজৰ সভাপতিজনে ৰাজহুৱা প্ৰতিবাদৰ পোষকতা কৰাৰ লগতে প্রয়োজনত নাগৰিক সমাজ আইনী ব্যৱস্থাৰ কাষ চপাৰো ইংগিত দিয়ে।
এই আঁচনি ৰূপায়ণৰ হেৰূপ প্ৰত্যক্ষ কৰি ‘ভূমি চুই কর্ণত হাত দিব লগা হোৱা অৱস্থা হোৱা’ বুলি উল্লেখ কৰি সৰ্বসাধাৰণৰ কৰৰ টকাৰ এই লুটপাট কাণ্ডৰ সন্দৰ্ভত শোণিতপুৰৰ জিলা আয়ুক্তক উদেশি শীঘ্রে এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱাৰ লগতে সংশ্লিষ্ট বিষয়াক গ্ৰেপ্তাৰৰো দাবী তুলি তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি শান্তনু বৰুৱাই কয়, ‘বিভাগে ১৫ কোটিটকীয়া সৌন্দর্যবর্ধন আঁচনিৰ দহিদল কৰি দিলে। ইয়াত আধা ফেন্সিং নায়েই। ‘বাক বে’ ভাগি খোজ দিব নোৱাৰা অৱস্থা। ফোঁৱাৰাৰ ওপৰত বনৰীয়া গছ গজিল। লাখ লাখ টকা খৰচ দেখুৱাই লগোৱা গছপুলিকেইটা দেখিলে হাঁহি উঠা। এই কাম দেখিলে সচেতন মানুহ মাত্রেই অন্তৰে কান্দি উঠিব।
এয়া বিভাগৰ অভিযন্তা আৰু ঠিকাদাৰে মিলি কৰা এক অপৰাধ। এয়া ১৫ কোটি টকাৰ এক বৃহৎ কেলেংকাৰি। জিলা আয়ুক্তই শীঘ্ৰেই ইয়াৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ আমি দাবী জনালো।’ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষেও এই কেলেংকাৰিৰ তদন্ত ক্ৰাৰ পোষকতা কৰি সংগঠনতোৰ সভাপতিজনে কয় যে তেজপুৰৰ অন্যান্য সংগঠনৰে আলোচনা কৰি অভাউসা সভাই এই কেলেংকাৰিৰ সবিশেষ ফাদিল কৰি দোষীয়ে শাস্তি পোৱাৰ ব্যৱস্থা কৰাৰ প্ৰয়াস চলাব। বৰপুখুৰী-পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ আঁচনি ৰূপায়ণ থলীৰ ৰেহৰূপ প্ৰত্যক্ষ কৰি ৰঙাপৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তেজপুৰৰ বিশিষ্ট নাগৰিক তথা ভূতাত্ত্বিক বিশেষজ্ঞ ডঃ শৈলেন বৰঠাকুৰে নিকা প্ৰশাসন আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ প্ৰতিশ্রুতি প্রদান কৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক এই কেলেংকাৰিৰ তদন্তৰ সন্দৰ্ভত বিশেষ তৎপৰতাৰ দাবী জনাই কয় যে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ দ্বাৰা ইয়াৰ যথাযথ তদন্ত নিশ্চিত কৰাৰ বাবে নাগৰিক সমাজে উদ্যোগ লোৱা প্রয়োজন।
আনহাতে, তেজপুৰৰ সৌন্দৰ্যবৰ্ধনৰ নামত আবণ্টিত ১৫ কোটিটকীয়া আঁচনিত সংঘটিত লুটপাটৰ যথোপযুক্ত তদন্তৰ দাবী জনোৱাৰ লগতে প্রয়োজনত দোষীৰ শাস্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰো সকীয়নি দিয়ে শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ সম্পাদক অপূৰ্ব বৰাই।
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে চহৰ অঞ্চলৰ আন্তঃগাঁথনি আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰাৰ উদ্দেশ্যে গঠন কৰা ইউআইডিএফ অর্থাৎ আৰবান ইনফ্ৰাকষ্ট্ৰাকছাৰ ডেভেলপমেন্ট ফাণ্ডৰ পৰা তেজপুৰৰ বৰপুখুৰী আৰু পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ প্রায় ১৫ কোটিটকীয়া এই আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে পুঁজিৰ আবণ্টন দিছিল। কিন্তু এই আঁচনি ৰূপায়ণত সংঘটিত হোৱা বৃহৎ কেলেংকাৰিৰ তথ্য ৰাজহুৱা হোৱাৰ পাছত আৰু ইয়াক লৈ এতিয়া এনেদৰে ৰাজহুৱা প্রতিক্রিয়া প্রকাশ পোৱাৰ পাছত শোণিতপুৰৰ জিলা আয়ুক্ত তথা ৰাজ্য চৰকাৰখনে এই কেলেংকাৰি আৰু ইয়াৰ স’তে জড়িত হৈ থকাসকলৰ ওপৰত কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষ্যণীয় হৈ ৰৈছে I































