UttarPradeshElections: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: অহা বছৰ অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্ৰদেশৰ বিধানসভা নির্বাচনলৈ দৃষ্টি ৰাখি শাসকীয় বিজেপিৰ একাংশ মন্ত্রী-বিধায়কে ধর্মীয় অনুষ্ঠান-প্রতিষ্ঠান আয়োজনৰ জৰিয়তে তৎপৰতা আৰম্ভ কৰিছে। ফলত যোৱা কিছুদিনৰ পৰা ৰাজ্যখনত ধর্মীয় সভা-সমাৱেশৰ মাত্রা বৃদ্ধি পাইছে। দৰাচলতে এনে অনুষ্ঠানক জনতাৰ দ্বাৰস্থ হোৱাৰ গুৰুত্বপূৰ্ণ অংশৰূপে গ্রহণ কৰিছে ক্ষমতাশালী ৰাজনৈতিকসকলে। ফলত ৰাজ্যখনত বৃহৎ পৰিসৰত ধৰ্মীয় অনুষ্ঠান আয়োজনৰ মাত্রা বৃদ্ধি পাইছে।
লক্ষ্যণীয়ভাবে এনে অনুষ্ঠানত বিজেপিৰ মন্ত্রী-বিধায়কসকলে কোনো ধৰণৰ ৰাজনৈতিক ভাষণ আগনবঢ়ায়। একেদৰে এনে সভা-সমাবেশত দলীয় পতাকাও বিজেপিৰ নেতা-কৰ্মীসকলে ব্যৱহাৰ নকৰে। শেহতীয়াভাবে কংগ্ৰেছৰ দখলত থকা ৰায়বেৰেলিত এনে এক বৃহৎ ধর্মীয় অনুষ্ঠান সমাপন হয়। এই অনুষ্ঠান আয়োজন কৰে ৰাজ্যখনৰ অন্যতম মন্ত্রী তথা উঞ্চাহৰৰ বিধায়ক মনোজ পাণ্ডেই।
যোৱা ১১ ছেপ্টেম্বৰৰ পৰা ১৭ ছেপ্টেম্বৰলৈ এসপ্তাহ ধৰি অনুষ্ঠিত শিৱ মহাপুৰাণ শীর্ষক এই অনুষ্ঠানত মুখ্যমন্ত্রী যোগী আদিত্যনাথ, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল, উপ-মুখ্যমন্ত্রীদ্বয় কেশৱ প্ৰসাদ মৌর্য আৰু ব্রজেশ পাঠক আদিয়েও অংশগ্ৰহণ কৰে। উঞ্চাহৰত এই ধর্মীয় অনুষ্ঠান আয়োজনে ৰাজনৈতিক তাৎপর্যও বহন কৰিছে। কাৰণ এই বিধানসভা সমষ্টি দীর্ঘকাল ধৰি গান্ধী পৰিয়ালৰ স’তে সম্পর্ক থকা ৰায়বেৰেলি লোকসভা সমষ্টিৰ অন্তর্গত।
মন্ত্রী পাণ্ডেই এই অনুষ্ঠানক ধৰ্মীয় হোৱাৰ লগতে সামাজিক কর্মসূচী বুলিও তুলি ধৰে। কিন্তু অনুষ্ঠানত মুখ্যমন্ত্রীসহ বৃহৎসংখ্যক বিজেপি নেতা-মন্ত্রী আদিয়ে অংশগ্ৰহণৰ ৰাজনৈতিক গুৰুত্ব থকা বুলি চর্চিত হৈছে। একেদৰে গোণ্ডাত অলপতে প্রাক্তন বিজেপি সাংসদ ব্রীজভূষণ চৰণ সিঙেও এক আঠদিনীয়া ধর্মীয় অনুষ্ঠানৰ আয়োজন কৰে।
‘ৰাষ্ট্ৰ কথা’ শীর্ষক এই অনুষ্ঠানত বহুসংখ্যক ৰাজনৈতিক আৰু বুলি আনুষ্ঠানিকভাবে ঘোষণা নকৰাকৈয়ে তেওঁলোক (মন্ত্রী-বিধায়ক)-এ ভক্ত, মহিলা, ব্যৱসায়ী, স্থানীয় সামাজিক আৰু ধর্মীয় সংগঠনসমূহক একেখন মঞ্চত উপবিষ্ট কৰাইছে। ইয়াৰ দ্বাৰা ৰাজনৈতিক নেতাসকলে সমাজৰ স’তে নিজৰ সংযোগ বৃদ্ধি কৰিব পাৰে।’
অৱশ্যে একাংশ ধর্মীয় নেতাই ৰাজনীতিকৰ দ্বাৰা এনে ধৰণৰ অনুষ্ঠান আয়োজনত কোনো ভুল নাই বুলি মন্তব্য কৰিছে। এই সম্পৰ্কত লক্ষ্ণৌৰ চিনহাটৰ হনুমান মন্দিৰৰ প্ৰধান পুৰোহিত পণ্ডিত হৰিশ দুবেই কয়, ‘যদি আপোনালোকে এই অনুষ্ঠানসমূহলৈ লক্ষ্য কৰে, তেতিয়া দেখিবলৈ পাব যে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত ধর্মীয় অনুভূতিৰ উত্তৰণ ঘটোৱাটো প্রত্যক্ষ কৰিব।
এই অনুষ্ঠানসমূহত বিভিন্ন সম্প্ৰদায়ৰ লোকে অংশগ্রহণ কৰি আহিছে। ইয়ে সমাজত একতাৰ সৃষ্টি কৰিব।’ লক্ষ্যণীয় যে বিজেপিৰ কাৰ্যসূচীত হিন্দুত্ব মূলৰূপে পৰিগণিত হৈ আহিছে।






























