KhariRiver : দৈনিক অগ্ৰদূত বাৰ্তা গহপুৰ: শিক্ষা গ্ৰহণৰ বাবে প্ৰতিদিনে জীৱনৰ আশংকা কঢ়িয়াই খাৰৈ নৈ পাৰ হ’বলগীয়া হৈছে গহপুৰৰ লৌগুটি আৰু মাজৰ চাপৰি অঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰীয়ে। অঞ্চল দুটাৰ মাজেৰে বৈ যোৱা খাৰৈ নৈয়ে বিদ্যালয়লৈ যাতায়তৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে সৃষ্টি কৰিছে এক গুৰুতৰ সমস্যাৰ।
প্ৰাপ্ত তথ্য অনুসৰি, লৌগুটি আৰু মাজৰ চাপৰি অঞ্চলৰ বহু শিক্ষাৰ্থীয়ে প্ৰতিদিনে টুলুঙা নাৱেৰে খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ অহা-যোৱা কৰে। পুৱাই বিদ্যালয়লৈ যোৱাৰ সময়ত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে নৈৰ বুকুৱেদি নাৱেৰে যাত্ৰা কৰিবলগীয়া হয়।
একেদৰে বিদ্যালয় ছুটীৰ পাছতো একেটা বিপদসংকুল পথেৰেই ঘৰলৈ উভতিবলগীয়া হয় ৷ বিশেষকৈ বাৰিষাৰ সময়ত নৈৰ পানী বৃদ্ধি পালে এই যাত্ৰা অধিক বিপদসংকুল হৈ পৰে। পানীৰ সোঁত বৃদ্ধি পোৱাৰ লগতে নৈখনৰ জলপৃষ্ঠ ওপৰলৈ উঠাৰ সময়ত টুলুঙা নাৱেৰে নৈ পাৰ হোৱাটো শিক্ষাৰ্থীসকলৰ বাবে যথেষ্ট আশংকাজনক হৈ পৰে।
আনহাতে, শিক্ষাৰ্থীসকলৰ নৈ পাৰ হোবাৰ সময়ত কোনো ধৰণৰ উপযুক্ত সুৰক্ষা ব্যৱস্থা নথকাক লৈও উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ আৰু অভিভাৱকসকলে। নাঁওত যাত্ৰা কৰাৰ সময়ত শিক্ষাৰ্থীসকলক পৰিধান কৰাবলৈ লাইফ জেকেটৰ ব্যৱস্থাও নাই ৷
ফলত, কোনো কাৰণত নাওখন দুৰ্ঘটনাগ্ৰস্ত হ’লে বা নৈৰ পানীত পৰিলে শিক্ষাৰ্থীসকলক সুৰক্ষিত কৰাৰ তাৎক্ষণিক ব্যৱস্থা নথকাৰ আশংকা আছে ৷ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষা হৈছে মৌলিক অধিকাৰ। কিন্তু কেৱল বিদ্যালয়লৈ যাবলৈ নৈ পাৰ হোৱাৰ ক্ষেত্ৰতো যদি প্ৰতিদিনে জীৱনৰ নিৰাপত্তাক লৈ আশংকা কৰিবলগীয়া হয়, তেন্তে বিষয়টো স্বাভাৱিকভাৱে গুৰুত্বপূৰ্ণ হৈ পৰিছে।
বিশেষকৈ কণ কণ শিক্ষাৰ্থীসকলে অভিভাৱকৰ সৈতে অথবা সহপাঠীৰ সৈতে টুলুঙা নাৱেৰে নৈ পাৰ হ’বলগীয়া হোৱাত যিকোনো সময়তে অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ মতে, সমস্যাটো তাৎক্ষণিকভাৱে সমাধান কৰাৰ বাবে অন্ততঃ এখন মেচিন নাওৰ ব্যৱস্থা কৰাটো প্ৰয়োজন।
লগতে নাওত যাত্ৰা কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে পৰ্যাপ্ত সংখ্যক লাইফ জেকেটৰ ব্যৱস্থা কৰাৰো দাবী জনাইছে ৰাইজে ৷ শিক্ষাৰ্থীসকলৰ নিৰাপদ যাতায়ত নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই বিষয়টো গুৰুত্বসহকাৰে লৈ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন হৈছে।
নৈ পাৰ হৈ বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে নিয়মীয়া শিক্ষাগ্ৰহণৰ সুবিধা প্ৰদান কৰাটো এতিয়া অঞ্চলবাসীৰ অন্যতম গুৰুত্বপূৰ্ণ দাবী হৈ পৰিছে ৷ এতিয়া প্ৰশ্ন হৈছে—খাৰৈ নৈৰ বুকুৱেদি প্ৰতিদিনে জীৱনৰ আশংকা কঢ়িয়াই বিদ্যালয়লৈ যাত্ৰা কৰা এই শিক্ষাৰ্থীসকলৰ নিৰাপত্তাৰ বাবে কেতিয়া লোৱা হ’ব স্থায়ী আৰু ফলপ্ৰসূ ব্যৱস্থা?
স্থানীয় ৰাইজে শীঘ্ৰে এখন মেচিন নাও আৰু পৰ্যাপ্ত লাইফ জেকেটৰ ব্যৱস্থা কৰাৰ লগতে ভৱিষ্যতে শিক্ষাৰ্থীসকলে যাতে নিৰাপদভাৱে বিদ্যালয়লৈ অহা-যোৱা কৰিব পাৰে, তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।































