LadyGaga: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: আমেৰিকাৰ জনপ্রিয় পপ তাৰকা লেডী গাগাই অৰ্জন কৰিলে মাতৃত্ব। আমেৰিকাৰ উদ্যোগপতি মাইকেল প’লানস্কিৰ স’তে দীর্ঘ বছৰ ধৰি প্ৰেমৰ সম্পর্কত আছে গ্রেমীজয়ী তাৰকাৰ সংগীত শিল্পীগৰাকী।
কিছুদিন পূর্বে তেওঁলোকে বিবাহপাশত আবদ্ধ হোৱা কথাও ঘোষণা কৰিছিল। সম্প্রতি উত্তৰ কেলিফ’র্ণিয়াত সদ্যোজাতক কোলাত লৈ গাগাই পথত বিচৰণ কৰাৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।
আন্তর্জাতিক বিনোদন সংবাদ মাধ্যম পে’জ ছিক্সৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, অলপতে গাগাই মাতৃত্ব অৰ্জন কৰিছিল। অৱশ্যে পপ তাৰকা গৰাকী যে গৰ্ভৱতী আছিল সেই কথা ইমানদিনে ৰাজহুৱা হোৱা নাছিল।
স্বাভাৱিকতে গাগাৰ কোলাত সদ্যোজাতক প্রত্যক্ষ কৰি চমকিত হ’ল অনুৰাগীসকল। উল্লেখ্য যে কোলাত সন্তানসহ ৰাজপথত গাগাই বিচৰণ কৰাৰ সময়ত তেওঁৰ কাষত আছিল সংগী মাইকেল।
অৱশ্যে গাগাই কন্যা নে পুত্ৰ সন্তানৰ মাতৃত্ব অর্জন কৰিলে সেয়া স্পষ্ট হোৱা নাই। ২০২৫ৰ মাৰ্চৰ এক সাক্ষাৎকাৰত পৰিয়াল আৰম্ভ কৰিবলৈ ইচ্ছুক বুলি জনাইছিল গাগাই।
































