GaneshChaturthi:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: গণেশ চতুৰ্থীৰ জৰিয়তেই দেশে উৎসৱৰ দিন আৰম্ভ কৰে। সন্মুখত আহি পৰিছে গণেশ চতুর্থী। এই গণেশ পূজাৰ দিনা ভক্তৰ মুখত শুনা যাব ‘গণপতি বাপ্পা মোৰিয়া’ ধ্বনি। যদিও এই বাক্য কিয় কোৱা হয় সেই কথা হয়তো বহুতেই নাজানে।
গণেশৰ নামৰ কাষত বাৰু ‘মোৰিয়া’ শব্দটো কিয় উচ্চাৰিত হয়? এই শব্দৰ অৰ্থ বা বিশেষত্ব কি? ইয়াৰ অন্তৰালত আছে এক বিশেষ কাহিনী।
গণেশৰ একনিষ্ঠ সেৱক আছিল মোৰিয়া গোছাভি। ধাৰণা কৰা হয় যে গোছাভিয়েই আছিল গণপত্য বা গণেশ পূজাৰ প্রতিষ্ঠাতা। তেওঁৰ বাবে গণেশেই আছিল এক তথা অদ্বিতীয় ঈশ্বৰ। কথিত আছে যে এই মোৰিয়া গোছাভিৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ মোৰগাঁৱত।
তেওঁ নিয়মিতৰূপে গণেশ পূজা কৰিছিল। ময়ূৰেশ্বৰ মন্দিৰলৈ গৈছিল তাৰ আৰাধ্য দেৱতাৰ পূজা কৰিবলৈ। আকৌ আন এক মত অনুসৰি, কৰ্ণাটকৰ শালিগ্রাম নামৰ এক অঞ্চলত তেওঁৰ জন্ম আৰু পৰৱৰ্তী সময়ত তেওঁ মোৰগাঁৱত গণেশৰ মন্দিৰ নিৰ্মাণ কৰাইছিল।
যদিও তেওঁৰ জন্মস্থানত গণেশৰ আৰাধনাত সমস্যাৰ সন্মুখীন হোৱাত গোছাভিয়ে আন ঠাইলৈ গুচি যায়। কথিত আছে যে স্বয়ং গণপতিয়ে তেওঁক দেখা দিছিল আৰু নির্দেশ দিছিল মহাৰাষ্ট্ৰৰ চিনচড়লৈ গৈ তেওঁক সাধনা কৰিবলৈ।
পাছত মোৰিয়াই পুণেৰ সেই চিনচড়লৈ গৈ বসবাস আৰম্ভকৰে। কেৱল সেয়াই নহয়, তাত এটা গণেশ মন্দিৰো নিৰ্মাণ কৰে। শ্রী চিন্তামণিত তেওঁ সিদ্ধিলাভকৰে। চিনচড়ত তেওঁ গণেশৰ আৰাধনা কৰি কৰিয়েই সমাধিস্থ হয়। তেওঁ নিজৰ সমগ্র জীৱনটো গণেশৰ চৰণতে নিবেদন কৰিছিল।
মোৰিয়া গোছাভিয়ে অষ্টবিনায়কৰ পূজা কৰিছিল। ইয়াৰ সমান্তৰালকৈ তেওঁ মহাৰাষ্ট্ৰলৈ আধ্যাত্মিক বিপ্লৱ আনিছিল। তেওঁৰ হাতত ধৰিয়েই মহাৰাষ্ট্ৰত গণেশ পূজাৰ পৰম্পৰা আৰম্ভ হয়। গণেশৰ প্ৰতি মোৰিয়াৰ এই নিবিড় প্রেম, শ্ৰদ্ধাৰ কাৰণেই যেতিয়া গণেশৰ নামত জয়ধ্বনি দিয়া হয়, তেতিয়া তেওঁৰ নামো উচ্চাৰিত হয়।
বিশ্বাস কৰা হয় যে গণপতিৰ নামত জয়ধ্বনি দিয়াৰ সময়ত তেওঁৰ নাম উচ্চাৰণ কৰিলে যিদৰে মোৰিয়াই আশীর্বাদ পাইছিল, সেইদৰে এই বাক্য উচ্চাৰণ কৰা জনেও গণেশৰ আশীর্বাদ লাভ কৰে। আচলতে ভক্ত আৰু ইষ্টদেৱতাৰ নিবিড় সম্পৰ্কৰ কথা মনত পেলাই দিয়ে ‘গণপতি বাপ্পা মোৰিয়া’ ধ্বনিয়ে।































