Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
:অসম চৰকাৰৰ ক্ৰীড়া, যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড: বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আয়োজিত ‘বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ ‘মেৰা যুৱ ভাৰত’ (মাই ভাৰত), কামৰূপ মহানগৰৰ উদ্যোগত ২৪ ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সপ্তাহজোৰা এই শিবিৰৰ আয়োজন কৰা হৈছে। বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যত “যুৱ, সংস্কৃতি, সংবিধান আৰু ৰাষ্ট্ৰ প্ৰথম” (Youth, Culture, Constitution and Nation First) মূল থিম লৈ অনুষ্ঠিত এই শিবিৰত অসম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম, পশ্চিম বংগ আৰু বিহাৰৰ ১৫ ৰ পৰা ২৯ বছৰ বয়সৰ যুৱ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে।
বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় আৰু ইয়াৰ পাছতে ‘মাই ভাৰত’ অসমৰ ৰাজ্যিক সঞ্চালক দিনবন্ধু সাহাই আদৰণি ভাষণ প্ৰদান কৰে।
সমবেত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰি মন্ত্ৰী দৈমাৰীয়ে ৰাষ্ট্ৰীয় সংহতি সুদৃঢ় কৰা আৰু এক দায়িত্বশীল তথা প্ৰগতিশীল সমাজ গঢ়ি তোলাত যুৱ প্ৰজন্মৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। বিভিন্ন ৰাজ্যৰ যুৱক-যুৱতীসকলক একত্ৰিত কৰাৰ গুৰুত্বৰে তেওঁ কয় যে এনেধৰণৰ মঞ্চই এক উমৈহতীয়া ৰাষ্ট্ৰীয় সত্তা আৰু সাংবিধানিক মূল্যবোধ শক্তিশালী কৰাৰ লগতে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক বৈচিত্ৰ্যক বুজি পোৱাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰে।
অংশগ্ৰহণকাৰী যুৱক-যুৱতীসকলক শিবিৰৰ বিভিন্ন কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশ ল’বলৈ, পৰস্পৰৰ পৰা শিকিবলৈ আৰু ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’ৰ ভাবধাৰাক আগবঢ়াই নিবলৈ তেওঁ আহ্বান জনায়।
এই শিবিৰত সাংস্কৃতিক বিনিময়, পৰম্পৰাগত নৃত্য-গীত, দেশপ্ৰেমমূলক কাৰ্যসূচী, সাংবিধানিক সচেতনতা আৰু যুৱ সৱলীকৰণৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ’ব, যিয়ে প্ৰতিনিধিসকলক ইজনে সিজনৰ সৈতে ভাৱৰ আদান-প্ৰদান আৰু শিকাৰ পৰিৱেশ সৃষ্টি কৰিব।
অনুষ্ঠানত মন্ত্ৰী দৈমাৰীয়ে অংশগ্ৰহণকাৰী শিক্ষাৰ্থী প্ৰতিনিধিসকলৰ বাবে ভূটানৰ লগতে তেওঁৰ নিজা সমষ্টি তামুলপুৰলৈ এক ক্ষেত্ৰভিত্তিক ভ্ৰমণৰ (Field Visit) সুবিধা কৰি দিয়াৰ কথা ঘোষণা কৰে। এই প্ৰস্তাৱিত ভ্ৰমণে শিক্ষাৰ্থীসকলক অঞ্চলটোৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰত্যক্ষ কৰাৰ সুযোগ দিয়াৰ লগতে বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকলৰ মাজত সাংস্কৃতিক বিনিময় আৰু সংহতি বৃদ্ধি কৰাত সহায় কৰিব বুলি আশা ব্যক্ত কৰে।
উদ্বোধনী অনুষ্ঠানত ক্ৰীড়া বিভাগৰ সঞ্চালক অংকুৰ ভৰালী , গুৱাহাটী পৌৰ নিগমৰ পৌৰ নিগমৰ পাৰিষদ ৰত্না সিং ভৰদ্বাজকে ধৰি অন্যান্য বিষয়া আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।































