দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ‘দায়ৰা’ ছবিত এগৰাকী মহিলা আৰক্ষীৰ চৰিত্ৰত অভিনয় কৰিছে কৰীণা কাপুৰ খানে। তেওঁৰ পূৰ্বেও বলিউদৰ অনেক অভিনেত্রীয়ে ছবিত আৰক্ষীৰ চৰিত্ৰত অভিনয় কৰিছে। অৱশ্যে সেই চৰিত্ৰসমূহক ‘পুৰুষালি’ ৰূপত তুলি ধৰা হৈছিল।
এই সন্দর্ভত সম্প্রতি ছবিৰ এক প্ৰচাৰ অনুষ্ঠানত মুখ খুলিলে কৰীণাই। তেওঁৰ বক্তব্য হৈছে, ছবিত মহিলা আৰক্ষী বুলিলে এতিয়াও বহুতৰ চকুত ‘পুৰুষালি’ চেহেৰাই ভাহি উঠে; কিন্তু ‘দায়ৰা’ত তেওঁৰ চৰিত্ৰটো সম্পূৰ্ণ ভিন্ন ধৰণৰ।
তেওঁ যিদৰে কঠোৰ, সেইদৰে নাৰীৰ দৰেই স্বাভাৱিক আৰু স্বতন্ত্র। মেঘনা গুলজাবে পৰিচালনা কৰা ছবিখনৰ প্ৰসংগত কৰীণাই কয়, ‘আমাৰ মনত আৰক্ষীৰ এটা ধৰাবন্ধা ছবি আছে। মহিলা আৰক্ষী মানেই তেওঁ পুৰুষালি হ’ব লাগিব, তেওঁৰ খোজত পুৰুষৰ ছাপ থাকিব লাগিব, হাতত বন্দুক থাকিব, তেওঁৰ দ্বাৰা অনেক মাৰপিটৰ দৃশ্যত অভিনয় কৰোৱা হ’ব।’
পৰিচালকৰ চিন্তা-ভাবনাৰ প্ৰসংগত ক’বলৈ গৈ কৰীণাই পুনৰ কয়, ‘তেওঁ এনে এগৰাকী মহিলাক বিচাৰিছিল; যি এগৰাকী নাৰীৰেই থাকিব, যাৰ মাজত নাৰীসুলভ আচৰণ থাকিব। তেওঁ লিপষ্টিক ঘঁহিব, আকৌ একেলগতে যথেষ্ট কঠোৰো হ’ব। সকলোবোৰ হাঁহিমুখেৰে চম্ভালিব।’ ছবিখনত কৰীণাৰ চৰিত্ৰটোৰ নাম হৈছে অজুনী।




































