ArgentinaTourism : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ভ্ৰমণৰ পৰিকল্পনা কৰা ভাৰতীয়সকলৰ বাবে আর্জেন্টিনাৰ পৰা এটা ভাল খবৰ। আর্জেন্টিনাই নিজৰ দেশলৈ অধিক ভাৰতীয় পৰ্যটকক আমন্ত্ৰণ কৰিব বিচাৰিছে। ইয়াৰ বাবে ভিছা প্রক্রিয়া সৰল কৰাৰ পৰা আৰম্ভ কৰি বিমান সংযোগ বৃদ্ধিলৈকে গুৰুত্ব দিয়া হৈছে।
ভাৰতত আর্জেন্টিনাৰ ৰাষ্ট্ৰদূত মাৰিয়ানো কোচিনোৱে দিল্লীত অনুষ্ঠিত আইকনিক টুৰিজিম ছামিটত এই বিষয়ে অৱগত কৰে।
তেওঁ কয় যে পৰ্যটনৰ জৰিয়তে দুয়োখন দেশৰ জনসাধাৰণক ওচৰলৈ অনাৰ প্ৰচেষ্টা চলোৱা হৈছে। ভাৰতীয় ভ্রমণকাৰীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্য হৈছে ভিছাৰ বিষয়ে।
ৰাষ্ট্ৰদূতগৰাকীৰ মতে, বৈধ আমেৰিকান ভিছা থকা ভাৰতীয় নাগৰিকে ২০২৫ ৰ আগষ্টৰ পৰা আৰ্জেণ্টিনাৰ ভিছা অবিহনে ৯০ দিনলৈকে পর্যটক হিচাপে আর্জেন্টিনালৈ যাব পাৰিব। ইয়াৰ উপৰিও ভাৰতীয় নাগৰিকৰ বাবে বিনামূলীয়া পাঁচ বছৰৰ বিজনেছ ভিছাৰ সুবিধাৰ কথাও উল্লেখ কৰা হৈছে।
ৰাষ্ট্ৰদূতগৰাকীয়ে লগতে কয় যে আর্জেন্টিনাই পৰ্যটন আৰু বিনিয়োগৰ বাবে নিজৰ দুৱাৰ মুকলি কৰি ৰাখিব বিচাৰে। ভাৰত আৰু আৰ্জেণ্টিনাৰ মাজৰ দূৰত্ব যথেষ্ট বেছি। এই ক্ষেত্রত বিমান সংযোগ এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰে।
ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে দুয়োখন দেশৰ অসামৰিক বিমান পৰিবহণ কর্তৃপক্ষই বিমান সেৱা চুক্তিৰ আলোচনাত মিলিত হৈছে। এই চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ বিমান সংস্থাই অধিক বিমান চলাচলৰ স্বাধীনতা লাভ কৰিব পাৰিব। আর্জেন্টিনাৰ মতে, অধিক বিমান সংযোগৰ ফলত নতুন পথ আৰু অধিক প্রতিযোগিতাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত যাত্ৰীসকলৰ ভাড়াত সকাহ পাব পাৰে।































