দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: নির্বাচনী বিধি অনুসৰি প্ৰশাসনৰ পৰা আগতীয়া অনুমতি অবিহনে কোনো ধৰণৰ নিৰ্বাচনী সভা-সমিতি, শোভাযাত্রা, সমাবেশ আদি নিৰ্বাচনৰ স’তে সম্পর্কিত কাৰ্যসূচী ৰূপায়ণ নকৰিবলৈ নগাঁও লোকসভাৰ উপনির্বাচনৰ ৰিটার্নিং অফিচাৰ তথা নগাঁও জিলাৰ আয়ুক্ত আৰণ্যক শইকীয়াই সকীয়াই দিছে।
বুধবাৰে জিলা নির্বাচন বিষয়াগৰাকীয়ে এখন ৰাজহুৱা জাননী যোগে কয় যে, উপযুক্ত কর্তৃপক্ষৰ পৰা আগতীয়া অনুমতি অবিহনে নির্বাচনী সভা-সমাবেশ আদি অনুষ্ঠিত কৰাটো পৰিলক্ষিত হৈছে। তেওঁ সকলো প্রার্থী তথা তেওঁলোকৰ এজেন্ট সকলক সোঁৱৰাই দি কয় যে প্ৰাৰ্থীৰ হাতপুথিৰ দফা সাত, পাঁচ, এক আৰু ভাৰতীয় নির্বাচন আয়োগৰ নির্দেশনা অনুসৰি যিকোনো ৰাজহুৱা বা ব্যক্তিগত স্থানত নির্বাচনী সভা অনুষ্ঠিত কৰিবলৈ হক্সলে প্রশাসনৰ পৰা আগতীয়া অনুমতি লোৱাটো বাধ্যতামূলক।
নিৰ্বাচনৰ আদৰ্শ আচৰণবিধিৰ দ্বিতীয় অংশৰ অনুচ্ছেদ এক-তিনিটো এই বিষয়ে উল্লেখ আছে। সেয়ে এতিয়াৰ পৰা সকলো প্রার্থী তথা তেওঁলোকৰ এজেন্টৰ জ্ঞাতাৰ্থে জনোৱা হয় যে ৰাজহুৱা অথবা ব্যক্তিগত স্থানত, সৰু বা ডাঙৰ, আনুষ্ঠানিক বা অনানুষ্ঠানিক, যিকোনো আকাৰৰ নিৰ্বাচনী সভা-সমিতিৰ বাবে উপযুক্ত কর্তৃপক্ষৰ পৰা অনলাইন যোগে অথবা লিখিতভাবে অনুমতি লোৱাটো অপৰিহাৰ্য।
এতিয়াৰ পৰা পুনৰ অনুমতি অবিহনে কোনো নির্বাচনী সভা-সমিতি বা কাৰ্যসূচী গ্ৰহণ কৰিলে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি ৰিটার্ণিং বিষয়াগৰাকীয়ে সকীয়াই দিছে।































