FinancialCrisis : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : উপর্যুপৰি ঋণ গ্রহণৰে বিত্তীয় নাটনি পূৰণৰ নিগনি দৌৰত অৱতীৰ্ণ হৈছে অসম চৰকাৰ। সেয়েহে দ্বিতীয়বাৰলৈ চৰকাৰ গঠনৰ প্ৰথম পাঁচ মাহতে দশমবাৰলৈ সম্পদ বন্ধকীৰে ঋণ ল’বলৈ চৰকাৰ সাজু হৈছে।
ইয়াৰ জৰিয়তে চলিত ছেপ্টেম্বৰতে তৃতীয়বাৰলৈও ঋণ লবলৈ চৰকাৰ আগবাঢ়িছে। যোৱা পহিলা ছেপ্টেম্বৰ আৰু ১৫ ছেপ্টেম্বৰৰ পাছত অহা ২৯ ছেপ্টেম্বৰত ঋণ ল’বলৈ চৰকাৰৰ বণ্ডৰ নিলাম অনুষ্ঠিত হ’ব।
এই নিলামৰ জৰিয়তে চৰকাৰে আঠশ কোটি টকা ঋণ লোৱাৰ লক্ষ্য লৈছে। চৰকাৰৰ বিত্ত বিভাগৰ বাজেট শাখাৰ তথ্য অনুসৰি বছৰি ৭.৮৩ শতাংশ সুতৰ হাৰত এই ঋণ লোৱা হ’ব। ইয়াৰ বাবে ভাৰতীয় ৰিজার্ভ বেংকৰ মুম্বাইস্থিত কার্যালয়ত নিলাম অনুষ্ঠিত হ’ব।’
প্রতিযোগিতামূলক আৰু অনা- প্রতিযোগিতামূলক দুয়ো প্ৰকাৰৰ নিবিদা এইক্ষেত্ৰত প্রযোজ্য হ’ব। তদুপৰি নিলামৰ বাবে ধাৰ্য কৰা নিয়ম অনুসৰি ২৯ ছেপ্টেম্বৰতেই পুৱা ১০-৩০ বজাৰ পৰা ১১-৩০ বজালৈ আগ্রহী ক্রেতাই বণ্ড ক্ৰয়ৰ প্ৰস্তাৱ দাখিল কৰিব পাৰিব। সেই দিনাই ৰিজার্ভ বেংকৰ ৱেবছাইটত ফলাফলো ঘোষণা কৰা হ’ব।
উল্লেখ্য যে ইয়াৰ পূৰ্বে নতুন মন্ত্রীসভা গঠন নহওঁতেই চৰকাৰখনে যোৱা ১২ মে’ত প্রথম এহেজাৰ কোটি টকা ঋণ লৈছিল। তাৰ পাছত ২৬ মে’ত ৭৫০ কোটি টকা, ১৬ জুনত এহেজাৰ কোটি টকা, ৩০ জুনত এহেজাৰ কোটি টকা, ২১ জুনাইত এহেজাৰ কোটি টকা, চাৰি আগষ্টত এহেজাৰ কোটি টকা, ১৮ আগষ্টত এহেজাৰ কোটি টকা, পহিলা ছেপ্টেম্বৰত পুনৰ এহেজাৰ কোটি টকা আৰু শেহতীয়াকৈ যোৱা ১৫ ছেপ্টেম্বৰ ১৩শ কোটি টকা ঋণ লয়।
এনেদৰে মাত্র পাঁচ মাহত ৯,০৫০ কোটি টকা চৰকাৰখনে ঋণ লয়। বিত্ত বিভাগৰ এক পৰিসংখ্যা অনুসৰি ঋণৰ এই পৰিমাণৰ ভিত্তিত অসমত জনমূৰি ঋণৰ পৰিমাণ ৬৩ হেজাৰ টকাৰ অধিক হ’ব।































