Iran: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। সংঘাত-বিধ্বস্ত হৰমুজ প্ৰণালী পুনৰ মুকলি কৰি দিয়াতো আপত্তি ট্ৰাম্পৰ। একে সময়তে তেওঁৰ হুংকাৰ, নৱেম্বৰৰ মধ্যৱৰ্তী নিৰ্বাচনৰ পাছত পুনৰ তেহৰানত বোমা আক্ৰমণ চলাব আমেৰিকাই।
‘ৱাল ষ্ট্ৰীট জাৰ্নেল’-ক নাম প্ৰকাশত অনিচ্ছুক এগৰাকী মাৰ্কিন বিষয়াই কৰা দাবী অনুসৰিয়েই এই কথা পোহৰলৈ আহিছে।
শেহতীয়াকৈ ৰাষ্ট্ৰসংঘত ইৰানৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘাচিয়ে সাংবাদিকক জনাইছিল যে কাটাৰৰ মধ্যস্থতাকাৰীৰ জৰিয়তে ৱাশ্বিংটনৰ ওচৰত শান্তি প্ৰস্তাৱ প্ৰেৰণ কৰিছে ইৰানে। চুক্তি হ’লে হৰমুজ প্ৰণালী পুনৰ মুকলি আৰু যুদ্ধবিৰতিৰ আশা প্ৰকাশ কৰিছিল তেওঁ।
এনে পৰিস্থিতিত ট্ৰাম্পৰ মনোভাৱ সন্মুখলৈ অহাৰ পাছত স্পষ্ট হৈ পৰিছে যে সংঘাত ইমান সোনকালে অন্ত পৰাৰ সম্ভাৱনা নাই।
উল্লেখ্য যে ইৰানৰ শীৰ্ষ কূটনীতিবিদগৰাকীয়ে কৈছিল, “কোনো চুক্তিত উপনীত হোৱা আৰু হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ ক্ষেত্ৰত যদি আমেৰিকা সঁচাকৈয়ে আন্তৰিক, তেন্তে বাকীখিনি প্ৰস্তুত হৈয়ে আছে।”
ইয়াৰ সমান্তৰালভাৱে আমেৰিকাৰ এগৰাকী বিষয়ায়ো সংবাদ সংস্থা ৰয়টাৰ্ছক জনাইছিল যে মধ্যস্থতাকাৰীৰ জৰিয়তে ৱাশ্বিংটন আৰু তেহৰানৰ মাজত ‘ইতিবাচক আৰু গঠনমূলক আলোচনা’ চলি আছে। কিন্তু ট্ৰাম্পৰ মনোভাৱ প্ৰকাশ্যলৈ অহাৰ লগে লগে সেই জল্পনা যেন ‘মিছা’ হৈ পৰিল।
মাত্ৰ কেইদিনমান পূৰ্বে ৰাষ্ট্ৰসংঘত ভাষণ দি ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানেও কৈছিল, “আমি সন্ত্ৰাসবাদী নহয়। আমি কেৱল আত্মৰক্ষা কৰিছোঁ। আমাৰ দেশৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে কাপুৰুষোচিত আক্ৰমণ চলাইছে। আগ্ৰাসনৰ লক্ষ্য হৈ পৰিছে আমাৰ নিৰীহ জনতা। সেয়ে আমি সৰ্বোচ্চ শক্তিৰে নিজকে ৰক্ষা কৰিছোঁ।”
তেওঁ লগতে কৈছিল, “ভাবুকি নস্যাৎ কৰিবলৈ ইৰানক শক্তিশালী হ’ব লাগিব। কিন্তু তেহৰানে নিজৰ শক্তি আধিপত্য বিস্তাৰৰ কামত ব্যৱহাৰ কৰিব নিবিচাৰে। আমাৰ ওপৰত আক্ৰমণ হ’লে তাৰ প্ৰত্যুত্তৰ আমি দিম।”
ইয়াৰ পৰা বুজা যায়, ইৰানেও নিজৰ ‘যুদ্ধংদেহী’ মনোভাৱৰ পৰা আঁতৰি যাবলৈ সাজু নহয়। তথাপি সামগ্ৰিকভাৱে শান্তি প্ৰস্তাৱৰ জৰিয়তে সৃষ্টি হোৱা আপাত সংঘৰ্ষবিৰতিৰ পৰিৱেশক লৈও প্ৰশ্ন উত্থাপন কৰিলে ট্ৰাম্পৰ মন্তব্যই।































