ADVERTISEMENT
AsianGames : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: এছিয়ান গেমছত ভাৰতৰ পদকৰ তালিকাত সংযোজন হ’ল আন এটা স্বৰ্ণ। মহিলাৰ কাবাদীত ইৰানক ৩৭-৩৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিলে ভাৰতে।
এই জয়ৰ জৰিয়তে প্ৰতিযোগিতাখনত ভাৰতৰ স্বৰ্ণ পদকৰ সংখ্যা তিনিটালৈ বৃদ্ধি পালে। এতিয়ালৈকে ভাৰতে ৩টা স্বৰ্ণ, ১১টা ৰূপ আৰু ১৩টা ব্ৰঞ্জসহ মুঠ ২৭টা পদক লাভ কৰিছে।































