CrimeNews: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক :মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। গড়চুকৰ ৰুদ্ৰজ কিচ্চেন হোমষ্টেৰ পৰা নিমিষা ঠাকুৰীয়া নামৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, নিশা প্ৰায় ১১ বজাত বন্ধুৰ স’তে ওলাই গৈছিল নিমিষা। ইয়াৰ পাছতে মাতৃলৈ ফোন কৰি বন্ধুৱে তেওঁক শাৰীৰিকভাৱে অত্যাচাৰ কৰা বুলি জনাইছিল ছাত্ৰীগৰাকীয়ে।
মাতৃৰ স’তে ফোনযোগে কথা পতাৰ কিছুসময় পাছতে নিমিষাৰ মোবাইল ফোনটো ছুইচ অফ হৈ যায়। পৰৱৰ্তী সময়ত গড়চুকৰ ৰুদ্ৰজ কিচ্চেন হোমষ্টেত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ।
উল্লেখ্য যে নিমিষা ঠাকুৰীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচ বছৰীয়া সংহত পাঠ্যক্ৰমৰ ছাত্ৰী আছিল। ঘটনাটোক কেন্দ্ৰ কৰি ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি হৈছে।































