AfghanistanPakistanConflict : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ডুৰাণ্ড লাইনক কেন্দ্ৰ কৰি আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পাইছে। এনে পৰিস্থিতিৰ মাজতে পাকিস্তানৰ সীমান্ত পাৰ হৈ আফগানিস্তানত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰা পাকিস্তানী সন্ত্ৰাসবাদী এটা দলৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰাৰ লগতে ২৮জন সন্ত্ৰাসবাদী নিশেষ কৰাৰ দাবী কৰিছে আফগান বাহিনীয়ে।
সংঘৰ্ষত আন ৩২জন আহত হোৱা বুলিও জানিবলৈ দিয়া হৈছে। দেওবাৰে আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰে।আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি, শনিবাৰে পাকিস্তানৰ সীমান্ত পাৰ হৈ এটা সশস্ত্ৰ দলে পূবাঞ্চলীয় নুৰিস্তান প্ৰদেশৰ কামদেশ জিলাত প্ৰৱেশ কৰিছিল।
এই দলটোত আইছিছ সন্ত্ৰাসবাদীৰ লগতে আফগানিস্তানৰ পূৰ্বৰ চৰকাৰৰ প্ৰাক্তন সেনাও আছিল। পাকিস্তানী মিলিচিয়া আৰু চোৰাংচোৱা সংস্থা আই এছ আইয়ে তেওঁলোকক প্ৰশিক্ষণ দি সহায়ৰ নামত পাকিস্তানলৈ লৈ গৈছিল আৰু তাৰ পাছত পুনৰ নুৰিস্তানলৈ পঠিয়াইছিল।
উদ্দেশ্য আছিল ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা।কিন্তু অঞ্চলটোত অভিযান চলাই আফগান বাহিনীয়ে ২৮জন সন্ত্ৰাসবাদী কৰে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিবলৈ দিয়ে। জীৱিতসকল পাকিস্তানৰ দিশে পলাই যায় বুলিও কোৱা হৈছে।
ইফালে, সীমান্ত পাৰ হৈ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে পাকিস্তানে এই অভিযোগ খাৰিজ কৰিছে। ছ’চিয়েল মিডিয়াত পাকিস্তানৰ তথ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত অভিযোগটো ভিত্তিহীন আৰু হাস্যকৰ বুলি কোৱা হৈছে।
পাকিস্তানৰ দাবী অনুসৰি, নুৰিস্তানৰ ঘটনাত পাক সেনা অথবা আই এছ আইৰ কোনো ভূমিকা নাই। আফগানিস্তানৰ কোনো সেনাক পাকিস্তানে প্ৰশিক্ষণ দিয়া নাই বুলিও দাবী কৰি আফগানিস্তানৰ অভিযোগ সম্পূৰ্ণ মিছা বুলি খাৰিজ কৰিছে পাকিস্তানে।
উল্লেখ্য যে, যোৱা ২১ ছেপ্টেম্বৰত পাকিস্তান বায়ুসেনাই আফগানিস্তানত প্ৰৱেশ কৰি বিমান আক্ৰমণ চলাইছিল। পৰৱৰ্তী সময়ত ইছলামাবাদে দাবী কৰিছিল যে সেই আক্ৰমণত ২৮জন টিটিপি সন্ত্ৰাসবাদী মৃত্যু হৈছে। ইয়াৰ বিপৰীতে কাবুলে অভিযোগ কৰিছিল যে সাধাৰণ নাগৰিকক লক্ষ্য কৰি পাকিস্তানে এই আক্ৰমণ চলাইছিল।
এই পৰিস্থিতিৰ মাজতে এইবাৰ ২৮জন পাক সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ দাবী কৰিছে তালিবানে। উল্লেখ্য, ২০২১ চনত কাবুলৰ নিয়ন্ত্ৰণ গ্ৰহণ কৰাৰ পাছৰে পৰা তালিবান চৰকাৰ আৰু পাকিস্তানৰ মাজত সংঘাত অব্যাহত আছে। শেহতীয়া সময়ত দুয়োখন দেশ ৰক্তক্ষয়ী সংঘৰ্ষতো লিপ্ত হৈছিল।
আক্ৰমণ আৰু প্ৰত্যাক্ৰমণে পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল। সন্ত্ৰাসবাদৰ অভিযোগ উত্থাপন কৰি পাকিস্তানে কেবাবাৰো ডুৰাণ্ড লাইন পাৰ হৈ আফগানিস্তানত বিমান আক্ৰমণ চলাইছে। ইয়াৰ বিপৰীতে কাবুলেও প্ৰত্যাক্ৰমণ চলাই আহিছে।






























