Ethiopia: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : সপোন আছিল আমেৰিকাৰ মাটিত ভৰি থোৱাৰ। সেই সপোন পূৰণ কৰিবলৈ ‘ডাঙ্কি’ বা চোৰাংপথে আমেৰিকালৈ যাত্ৰা কৰিছিল তিনিজন ভাৰতীয়ই। কিন্তু আমেৰিকাত উপস্থিত হোৱাৰ পূৰ্বেই সেই সপোন পৰিণত হ’ল দুঃস্বপ্নত।ইথিওপিয়াত অপহৰণ কৰা হ’ল তিনিওজনক।
কেৱল সেয়াই নহয়, তেওঁলোকৰ পৰিয়ালৰ পৰা এক কোটি টকা মুক্তিপণ দাবী কৰা গৈছে।এটা সৰ্বভাৰতীয় সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি, অপহৃত তিনিওজন গুজৰাটৰ বাসিন্দা।
তেওঁলোকৰ মাজত এজন যুৱক আৰু দুগৰাকী যুৱতী আছে। স্থানীয় এজন এজেণ্টৰ জৰিয়তে চোৰাংপথেৰে আমেৰিকালৈ যোৱাৰ পৰিকল্পনা কৰিছিল তেওঁলোকে।
তথ্য অনুসৰি, যোৱা ২০ ছেপ্টেম্বৰত গুজৰাটৰ পৰা জয়পুৰত উপস্থিত হৈছিল তিনিওজন। তাৰ পৰা বিমানেৰে আবুধাবি হৈ ইথিওপিয়াৰ ৰাজধানী আদ্দিছ আবাবাত উপস্থিত হয়।
সূত্ৰ অনুসৰি, ২০ৰ পৰা ২৯ ছেপ্টেম্বৰলৈ এখন গেষ্ট হাউছত তেওঁলোকৰ থকাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু অভিযোগ অনুসৰি, ইথিওপিয়াত উপস্থিত হোৱাৰ পাছতে এটা দুষ্কৃতিকাৰীৰ দলে তিনিওজন ভাৰতীয়ক অপহৰণ কৰে। ইয়াৰ লগতে তেওঁলোকৰ পৰিয়ালৰ পৰা এক কোটি টকা মুক্তিপণ দাবী কৰা হয় ।
অপহৃত তিনিজনৰ মাজৰ এজন দেশলৈ উভতি অহাৰ পাছত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। সূত্ৰৰ খবৰ অনুসৰি, তেওঁৰ পৰিয়ালে অপহৰণকাৰীক ৭০ লাখ টকা মুক্তিপণ দিয়ে। তাৰ পাছতেই তেওঁক মুকলি কৰি দিয়া হয়।
দেশলৈ উভতি অহা ব্যক্তিজনে জানিবলৈ দিয়া মতে, তেওঁক তিনিদিন ধৰি এখন গোপন স্থানত হাত-ভৰি বান্ধি ৰখা হৈছিল। অৱশ্যে, বাকী দুজনৰ এতিয়াও কোনো সন্ধান পোৱা হোৱা নাই।































