CockroachJantaParty : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।
ৰামপুৰৰ খিদিৰ পুখুৰী কৈৱৰ্তপাৰা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰিবলৈ উপস্থিত হোৱা ককৰোচ জনতা পাৰ্টীৰ একাংশ সদস্যক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ।
অভিযোগ অনুসৰি, দলটোৰ সদস্যসকলে নিজকে চৰকাৰী বিষয়া বুলি পৰিচয় দি বিদ্যালয় ছুটীৰ পাছত ৰান্ধনীক বিচাৰি চাবি বিচাৰিছিল। এই সময়ত দলটোৰ স’তে উপস্থিত আছিল ৰাইজৰ দলৰ নেত্ৰী ড০ জ্ঞানশ্ৰী বৰা।
পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ পাছত অৱশেষত স্থানীয় ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হৈ ককৰোচ জনতা পাৰ্টীৰ সদস্যসকলে সেই স্থান ত্যাগ কৰে।
ঘটনাস্থলীত ড০ জ্ঞানশ্ৰী বৰাই উপস্থিত থকা স্থানীয় এজন লোকক বিজেপিৰ দালাল বুলি কোৱাৰ লগতে কয়, “অ’ দাদা, এইখন অসম হয়। ইয়াত আপোনাৰ যিমান অধিকাৰ আছে, আমাৰো সিমানেই অধিকাৰ আছে। এই স্কুলৰ ফেন বেয়া, প্ৰস্ৰাৱগাৰৰ অৱস্থা তেনেই শোচনীয়। এই ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকে আমাক অভিযোগ দিয়াৰ বাবেই পৰিদৰ্শন কৰিবলৈ আহিছোঁ। আপোনাৰ দৰে বিজেপিৰ ভেৰোণীয়া গুণ্ডালৈ ভয় নকৰোঁ।”































