ZubeenGargCase : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আন সকলৰ দৰে সেই একেই বক্তব্য, একেই ভাব ভংগিমাৰে সোমবাৰে দ্রুত আদালতত সাক্ষ্যদান কৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰটোৰ অন্যতম সাক্ষী ছিংগাপুৰৰ প্রবাসী অসমীয়া তন্ময় ফুকনে। ইয়াৰ বাবে কালি পুৱা ন্যায়াধীশ শর্মিলা ঠাকুৰৰ আদালতত ফুকন হাজিৰ হয়। বাহিৰত সাংবাদিকৰ দল দেখি দৌৰি আদালত গৃহত প্রৱেশ কৰা ফুকনে নানান অজুহাতেৰে বহু কথাই এৰাই চলে।
উল্লেখ্য যে যি অভিশপ্ত য়ট পার্টিত অসমবাসীৰ হিয়াৰ আমঠু শিল্পীজন চিৰদিনলৈ হেৰাই গৈছিল তাৰ আয়োজন তন্ময় ফুকনে কৰিছিল। ছিংগাপুৰ অসম এছ’চিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰকে ধৰি কে’বাজনো সাক্ষীয়ে সেই কথা সদৰী কৰিছে। গতিকে অসুস্থ জুবিনক কিয় য়টত লৈ যোৱা হৈছিল এই সন্দৰ্ভত ফুকনে সাংবাদিকৰ আগত কোনো কথা সদৰী নকৰিলে।
পানীৰ পৰা দূৰত থাকিবলৈ চিকিৎসকে পৰামৰ্শ দিয়া জুবিনৰ বাবেই সেই য়ট পার্টি অনুষ্ঠিত কৰা হৈছিল। অথচ জুবিনৰ অত্যন্ত ঘনিষ্ঠ আছিল তন্ময় ফুকন। কালি সাংবাদিকৰ আগত আনসকলৰ দৰে ফুকনেও কয় যে জুবিন গার্গে ন্যায় লাভত যাতে সহায়ক হয়, দোষীয়ে যাতে শাস্তি পায় তাৰ বাবেই সাত সাগৰ তেৰ নদী পাৰ হৈ আদালতত সাক্ষ্য দিবলৈ আহিছে।
কালিৰে ধৰি জুবিনৰ মৃত্যুৰ বিষয়ক লৈ ছিংগাপুৰ আৰু অসমত পাঁচবাৰ সাক্ষ্য দিয়াৰো দাবী কৰে ফুকনে। আনহাতে, অভিমন্যু তালুকদাৰে অতি হাস্যকৰ আৰু নিজৰ ৰহস্যজনক স্থিতি স্পষ্ট কৰি জুবিনক লৈ কৰা মন্তব্যবোৰৰ সন্দৰ্ভত ফুকনে সোমবাৰে অজ্ঞতা প্রকাশ কৰে।
উল্লেখ্য যে অভিমন্যু তালুকদাৰে সাক্ষ্য প্রদানৰ পাছত সাংবাদিকৰ আগত মন্তব্য কৰিছিল যে জুবিন গাৰ্গৰ বিষয়ে তেওঁ বহু ভালকৈ নাজানিছিল। মৃত্যুৰ পাছতহে জুবিনৰ জনপ্রিয়তা, গোৱা গীতৰ সংখ্যা, লিখা গীতৰ সংখ্যা আদিৰ বিষয়ে অৱগত হৈছিল। তাৰ পাছতহে জুবিন গাৰ্গ এলাপেচা শিল্পী নোহোৱা কথাটো উপলব্ধি কৰিছিল। তন্ময় ফুকনৰ শুনানি সোমবাৰে সম্পূর্ণ নহ’ল।
ইপিনে হত্যাৰ গোচৰৰ অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন আবেদনৰ শুনানি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ত আধৰুৱা হৈ ৰয়। আজিও এই শুনানি অনুষ্ঠিত হয়।






























