BihaliWildlifeSanctuary : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অসমৰ জৈৱ-বৈচিত্ৰ্যৰ গৌৰৱ বিহালী বন্যপ্ৰাণী অভয়াৰণ্যত দুদিনীয়াকৈ আয়োজিত “দ্বিতীয় বিহালী পখিলা গণনা তথা পদযাত্ৰা ২.০” কালি সফলতাৰে সামৰণি পৰে।
বৰগাং বনাঞ্চলিক কাৰ্যালয়, নেচাৰ্ছ বন্যপ্ৰাণ, ৱাইল্ড হাৰ্ট ফাউণ্ডেচন আৰু NCS ৰ যৌথ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত হয়।
যোৱা ২৬ ছেপ্টেম্বৰত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তই এই কাৰ্যসূচী উদ্বোধন কৰে। অনুষ্ঠানত ডি এফ অ’ চম্পক ডেকা, এ চি এফ খিৰুদ শইকীয়া, ৰেঞ্জ বিষয়া চন্দন ৰাজখোৱাকে ধৰি বহু প্ৰকৃতিবিদ উপস্থিত থাকে।
প্ৰথম দিনা ১০ টা ট্ৰেইলত বিশেষজ্ঞসকলে ১৫০ তকৈ অধিক প্ৰজাতিৰ পখিলা নথিভুক্ত কৰে। নিশাৰ পৰ্যবেক্ষণত ৩৫ বিধ মথ, ৪ বিধ ভেকুলী, ২ বিধ সাপ আৰু ২ বিধ ফেঁচাৰো সন্ধান পোৱা যায়।
দ্বিতীয় দিনা অসম-অৰুণাচলৰ বিভিন্ন মহাবিদ্যালয়ৰ ১৮৯ জন ছাত্ৰ-ছাত্ৰীয়ে বিশেষজ্ঞৰ তত্বাৱধানত প্ৰশিক্ষণ লয়। বিশ্বনাথ, বিহালী, দৰং, কলিয়াবৰ, তেজপুৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়কে ধৰি বহু শিক্ষানুষ্ঠানে অংশ লয়।মুঠ ২২৩ জন প্ৰকৃতিপ্ৰেমীয়ে অংশগ্ৰহণ কৰে।
সামৰণি অনুষ্ঠানত বিশ্বনাথৰ জিলা আয়ুক্তই বিহালী পক্ষী গণনা ২.০ আৰু বিহালীৰ বিধায়কে পখিলা গণনা ১.০ প্ৰতিবেদন উন্মোচন কৰে। লৰেন সোনোৱাল আৰু মাধৱ দাসে প্ৰস্তুত কৰা ১২৬ বিধ পখিলাৰ ব্ৰ’চাৰো উন্মোচন কৰা হয়।
এই পদক্ষেপে বিহালীক এক অন্যতম Eco-Tourism কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব।































