NimishaThakuriaCase : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ তদন্ত অব্যাহত থকাৰ মাজতে তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্টক লৈ সৃষ্টি হৈছে ৰহস্য।
হঠাৎ নিমিষাৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা নোহোৱা হৈছে সকলো পোষ্ট। ফটো, ৰীলকে ধৰি একাউণ্টটোত থকা সকলো পোষ্ট এতিয়া দেখা নাযায়।
ইয়াকে লৈ এতিয়া উত্থাপন হৈছে কেবাটাও প্ৰশ্ন। নিমিষাৰ ইনষ্টাগ্ৰাম একাউণ্টটো কোনে চলাইছে? কোনোবাই তেওঁৰ মোবাইল ফোন বা একাউণ্ট হেক কৰিছিল নেকি? নে একাউণ্টটোৰ পাছৱৰ্ড অন্য কাৰোবাৰ হাতত আছিল?
উল্লেখ্য যে, ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে নিমিষা ঠাকুৰীয়াৰ মোবাইল ফোন জব্দ কৰিছিল। আনহাতে, নিমিষাৰ প্ৰেমিক তথা হত্যাকাণ্ডৰ অভিযুক্ত আছিক আলীও বৰ্তমান আৰক্ষীৰ জিম্মাত আছে।
এনে পৰিস্থিতিৰ মাজতে হঠাৎ নিমিষাৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা সকলো পোষ্ট আঁতৰি যোৱাক লৈ বিষয়টো অধিক ৰহস্যজনক হৈ পৰিছে। একাউণ্টটোৰ পৰা পোষ্টসমূহ কোনে আৰু কেনেদৰে আঁতৰালে, এতিয়া সেই প্ৰশ্নই চৰ্চা লাভ কৰিছে।































