CockroachJantaParty : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ককৰ’চ জনতা পাৰ্টি (CJP)ৰ স্বেচ্ছাসেৱক মিট-আপক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ পাছতে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদকে।
তেওঁ কয়, “আলহী-আপ্যায়ন কৰি ভাল পোৱা অসমীয়া জাতি আছিল, সেই জাতিটোৰ মান-সন্মান সকলো শেষ কৰিলে। এই লোকসকল মিট-আপ কৰিবলৈ আহিছিল। তেওঁলোক কোনো ৰাজনৈতিক দল নহয়। নিজৰ ইচ্ছামতে আমি ওলাই আহিছোঁ। ইয়াত বহু ধৰণৰ সংগঠনৰ মানুহ আহিছে।”
তেওঁ লগতে কয়, “এওঁলোকৰ যিকেইটা মূল মূল পইণ্ট আছে, সেইকেইটা আমাৰ পইণ্ট। আমি কৰিব পৰা নাই বা আমাৰ মন্ত্ৰী, আমাৰ বিধায়কসকলে যিখিনি কৰিব পৰা নাই, বাবেই আমি এওঁলোকক সমৰ্থন কৰি আছোঁ।”
মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ তেওঁ কয়, “মুখ্যমন্ত্ৰীৰ পদত থাকি এনে স্বৈৰাচাৰী শাসন ব্যৱস্থা তেওঁ চলাই নিয়াৰ বাবে একমাত্ৰ জগৰীয়া তেওঁয়ে।”
তেওঁ আৰু কয়, “আজি যদি মানুহ এজনে নিজৰ কথাখিনি খুলি পাতিব নোৱাৰে, তেন্তে ভাবক কেনেকুৱা শাসন চলি আছে। এই শাসনযন্ত্ৰটো কাৰ হাতত আছে? কিমান বেয়া মানসিকতা হ’লে মানুহে এনে কাম কৰিব পাৰে।”
সংবিধানৰ কথাও উল্লেখ কৰি তেওঁ কয়, “সংবিধান তেওঁ পঢ়ে নে নপঢ়ে মই নাজানো, কিন্তু তেওঁ পঢ়ক, বুজক।”
ইফালে, শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ বিষয়েও মন্তব্য কৰে অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদকে। তেওঁ কয়, “আমাৰ অসম চৰকাৰে বিচাৰে শিক্ষাৰ সলনি অন্ধ ভক্তৰ সৃষ্টি হওক। অন্ধ ভক্তৰ সৃষ্টি হ’লেহে আমি ওপৰত থাকিব পাৰিম। এতিয়া যেনেকৈ নতুন প্ৰজন্ম শিক্ষিত হৈ ওলাই আহিছে, মাত মাতিবলৈ, তেনেকৈ যদি সকলোৱে মাত মাতে, তেনেহ’লে চৰকাৰখন অসুবিধাত পৰিব।”
তেওঁ লগতে কয়, “শিক্ষাৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি স্বাস্থ্য ক্ষেত্ৰলৈকে একো ক্ষেত্ৰতে নাই, সকলো পিছপৰি আছে।”































