TamilNaduGovernment : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই উপহাৰ হিচাপে দিয়া হ’ব এক গ্ৰাম ওজনৰ সোণৰ আঙঠি।
ADVERTISEMENT
সোমবাৰৰ পৰা তামিলনাডুত নতুন এই আঁচনি আৰম্ভ কৰিলে ‘থলপতি’ বিজয়ৰ চৰকাৰে।
কিন্তু এই আঁচনিক লৈ তীব্ৰ সমালোচনা কৰিছে বিজেপিয়ে। তেওঁলোকৰ বক্তব্য, শিশুক সোণৰ আঙঠিৰ প্ৰয়োজন নাই, প্ৰয়োজন গাখীৰৰ। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনত গাখীৰৰ সংকটৰ কথাও সোঁৱৰাই দিছে গেৰুৱা শিবিৰে।































