দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শ্ৰমিকৰ উপযুক্ত মর্যাদা প্ৰদানৰ দাবীত হেজাৰ হেজাৰ শ্রমিক-কর্মচাৰীয়ে কালি উত্তাল কৰি তোলে মহানগৰীৰ ৰাজপথ। সোমবাৰে চিআইটিইউৰ নেতৃত্বত মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত বঞ্চিত শ্রমিক-কর্মচাৰীৰ এক বৃহৎ প্রতিবাদী বিক্ষোভসংগঠিত হয়। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা পাঁচ সহস্রাধিক শ্রমিক-কর্মচাৰীয়ে ধর্ণাস্থলীত সমৱেত হয় ।
অসমত শ্রম কোডৰ প্ৰয়োগ বন্ধ ৰখা, শ্রমিকৰ দৈনিক মজুৰি ন্যূনতম আঠশ টকা ধাৰ্য কৰি চৰকাৰী জাননী অতিশীঘ্ৰে প্ৰকাশ কৰা, চাহ শ্রমিকৰ দৈনিক মজুৰি ৬৬১ টকা ধাৰ্য কৰা, পঞ্জীয়নভুক্ত নির্মাণ শ্রমিকে হিতলাভপোৱাৰ জটিলতা অতি শীঘ্ৰে আঁতৰ কৰা, ভাৰতীয় শ্রম সম্মিলনৰ ৪৫ সংখ্যক সভাৰ অনুমোদন অনুসৰি অংগনৱাড়ী কর্মী-সহায়িকা, আশা কর্মী আৰু ৰন্ধন কৰ্মচাৰীক শ্রমিক হিচাপে স্বীকৃতি দিয়া আৰু মাননিৰ সলনি মজুৰি দিয়াৰ ব্যৱস্থা কৰা, সমান কামৰ সমান মজুৰি আদায় দিয়া, উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ ঠিকা শ্ৰমিকৰ মজুৰি অতিশীঘ্ৰে নিৰ্ধাৰণ কৰা, মটৰ শ্রমিকসহ অসংগঠিত খণ্ডৰ সকলো শ্রমিকৰ সামাজিক সুৰক্ষা নিশ্চিত কৰা আদি শ্ল’গানেৰে বিক্ষোভকাৰীসকলে উত্তাল কৰে চচল ধর্ণাস্থলী।
চিআইটিইউৰ অন্তর্ভুক্ত অংগনবাড়ী কর্মী-সহায়িকা, আশা কর্মী, বন্ধন কর্মচাৰী, চাহ শ্রমিক আৰু নির্মাণ শ্রমিক ইউনিয়নে সংশ্লিষ্ট বিভাগৰ উর্ধ্বতন বিষয়াক আজিৰ বিক্ষোভ কাৰ্যসূচীত উপস্থিত হৈ স্মাৰকপত্ৰ গ্ৰহণৰ বাবে আগতীয়াকৈ জনাইছিল।
একেদৰে চিআইটিইউৰ ৰাজ্যিক কমিটীয়েও ধর্ণাস্থলীলৈ আহি স্মাৰকপত্র গ্রহণ কৰাৰ বাবে শ্রম আযুক্তক আগতীয়াকৈ অনুৰোধ জনাইছিল কিন্তু দিনৰ ডেৰ বজালৈ কোনো বিষয়া নহাত বিক্ষোভকাৰীসকলে উপায়হীন হৈ দিছপুৰ সচিবালয় অভিমুখে সমদল আৰম্ভ কৰে।
হেজাৰ হেজাৰ শ্ৰমিক ৰাজপথলৈ ওলাই অহাত দিছপুৰৰ ডিচিপিৰ নেতৃত্বত এক বৃহৎ আৰক্ষীৰ দলে বাট আগচি ধৰে। কিছুসময় আৰক্ষীৰ স’তে হোৱা টনা-আজোঁৰাৰ অন্তত বিক্ষোভকাৰীসকল ৰাজপথতে বহি পৰে। তেনে সময়তে মহিলা আৰু শিশু কল্যাণ বিভাগৰ বিষয়া কবুল শর্মা উপস্থিত হয় আৰু শ্রমিক কল্যাণ বিভাগৰ উপ-আয়ুক্ত কিম সিমচং, সহকাৰী শ্রম আযুক্ত তুষি গগৈ, নির্মাণ শ্রমিক কল্যাণ পৰিষদৰ উপ-প্রধান কাৰ্যকৰী বিষয়া ইশানু শ্বাহ ৰাজপথত আহি উপস্থিত হৈ স্মাৰকপত্ৰ গ্ৰহণ কৰে।
আশা কর্মী, ৰন্ধন কৰ্মচাৰী আৰু চাহ শ্রমিকসকলেও পৃথকে স্মাৰকপত্র দাখিল কৰে। স্মাৰকপত্ৰ গ্ৰহণ কৰি মহিলা আৰু শিশু কল্যাণ বিভাগৰ বিষয়া কবুল শর্মাই দুর্গাপূজাৰ বন্ধ খোলাৰ পাছতে অসম ৰাজ্যিক অংগনবাড়ী কর্মী-সহায়িকা সন্থাৰ নেতৃত্বৰে আলোচনাত বহি দাবী মীমাংসাৰ ব্যৱস্থা হ’ব বুলি প্রতিশ্রুতি দিয়ে। শ্রম বিভাগৰ বিষয়াসকলে সন্তোষজনক উত্তৰ দিব নোৱৰাত শ্রমিকসকল বিক্ষুব্ধ হৈ পৰে।
শ্রম বিভাগৰ অৱহেলাত ক্ষুণ্ণ হৈ চিআইটিইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শর্মাই কঠোৰ ভাষাৰে জনাই দিয়ে যে অক্টোবৰৰ ভিতৰত স্মাৰকপত্ৰত উল্লেখ কৰা দাবী মীমাংসাৰ গ্ৰহণযোগ্য পদক্ষেপ নল’লে পহিলা নৱেম্বৰৰ পৰা সমগ্ৰ অসমৰ শ্রম বিভাগৰ সকলো কার্যালয় অচল কৰি দিয়া হ’ব।
শ্রমিক মহাবিক্ষোভত অংশ লয় সমর্থন আগবঢ়ায় জেচিচিইউৰ আহ্বায়ক ভবেন্দ্ৰ কুমাৰ কলিতা আৰু গণতান্ত্রিক মহিলা নেত্রী নিয়তি বর্মনে। তদুপৰি চিআইটিইউৰ ৰাজ্যিক সভাপতি দীনেশ নায়ক, শ্রমিক নেতা ৰয়েল চোৰেং, মদন তালুকদাৰ, ভাগ্যলতা বৰুৱা, দীলিপ ৰায়, মমতা তলুকদাৰ, কনকলতা দাসে বিক্ষোভকাৰীক সম্বোন্ধন কৰি কয় যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ শাসন কালত অসমৰ বৃহৎ ধনিক গোষ্ঠী, ঠিকাদাৰ গোষ্ঠী আৰু উদ্যোগপতিসকলৰ কাৰণে ভাল দিন (আচ্ছে দিন) আহিছে যদিও পৰিশ্ৰম কৰি জীৱন নিৰ্বাহ কৰি থকা লক্ষ লক্ষ শ্রমিক-কৰ্মচাৰীৰ বাবে বৰ দুখ আৰু যন্ত্ৰণাৰ দিন আহিছে।
অন্যায়ৰ বিৰুদ্ধে অথবা প্রাপ্য বিচাৰি সংগঠিত প্রতিবাদ কৰাটো ৰাজ্যখনত এতিয়া অপৰাধ। ভূমিপুত্ৰই ভূমিৰ অধিকাৰ বিচাৰি যাওঁতে জেল খাব লগা হৈছে। মালিকগোষ্ঠী আৰু ঠিকাদাৰৰ অন্যায়-অবিচাৰৰ প্ৰতিবাদ কৰিবলৈ যোৱা সকলৰ ওপৰত আৰক্ষী জাপি দি সাৱধান কৰি দিয়া হৈছে।
অসমৰ চৰকাৰী-বেচৰকাৰী খণ্ডত কৰ্মৰত স্থায়ী আৰু অস্থায়ী শ্রমিক-কর্মচাৰী কালি এক যন্ত্রণাকাতৰ দুখৰ জীৱন নিৰ্বাহ কৰি থাকিব লগা হৈছে। এনে পৰিস্থিতিৰ পৰিত্ৰাণ বিচাৰি সৰ্বস্তৰৰ শ্রমিক-কর্মচাৰীক চৰকাৰৰ শ্রমিক বিৰোধী নীতি আৰু ঐক্য বিৰোধী সাম্প্রদায়িক ৰাজনীতিৰ বিৰুদ্ধে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।






























