SpaceScience : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নিজৰ অক্ষৰ চাৰিওফালে ২৪ ঘণ্টাত এবাৰ পাক খায় পৃথিৱীয়ে। দিন-ৰাতিৰ খেলত এই হিচাপ একেবাৰে পানীৰ দৰে স্পষ্ট; কিন্তু সদায় জানো এনেকুৱা আছিল?
একাংশ বিজ্ঞানীৰ মতে, পৃথিৱীত দিনৰ দৈৰ্ঘ্য অতীতত আৰু অনেক কম আছিল। লাহে লাহে সেয়া বৃদ্ধি পাই আছে। আগন্তুক দিনত আৰু বাঢ়িব। ইয়াৰ অন্তৰালত আছে পৃথিৱীৰ একমাত্র উপগ্রহ চন্দ্র।
বিজ্ঞানীসকলে আগতেই গৱেষণা কৰি দেখিছিল যে চন্দ্ৰৰ মধ্যাকর্ষণ শক্তিৰ প্ৰভাৱত পৃথিৱীৰ ঘূর্ণন গতি লাহে লাহে কমি আছে। তাৰ ফলত অলপ অলপকৈ বাঢ়িছে দিনৰ দৈৰ্ঘ্য। বৰ্তমানৰ হিচাপ অনুসৰি, প্ৰতি এশ বছৰত পৃথিৱীত দিনৰ দৈর্ঘ্য ১.৭ মিলি ছেকেণ্ডকৈ বৃদ্ধি পাইছে।
আজিৰ পৰা প্ৰায় ৪৫০ কোটি বছৰৰ পূৰ্বে চন্দ্ৰৰ উৎপত্তি হৈছিল। বিজ্ঞানীৰ দলে দাবী কৰিছে যে চন্দ্ৰ যেতিয়া নাছিল, তেতিয়া পৃথিৱীত দিনৰ দৈর্ঘ্য আছিল ১০ ঘণ্টাৰো কম। উপগ্রহ সৃষ্টি হোৱাৰ পাছত আমাৰ গ্ৰহৰ ওপৰত তাৰ মধ্যাকর্ষীয় টানৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে।
ফলত কমিবলৈ ধৰে পৃথিৱীৰ ঘূর্ণনৰ গতি। ফলত দিন ক্ৰমাৎ দীৰ্ঘৰ পৰা দীর্ঘতৰ হৈ আহিছে। চন্দ্ৰৰ প্ৰভাৱত পৃথিৱীত যি হাৰত দিন দীঘলীয়া হৈ আছে, তাৰ ফলত ইমানদিনলৈ দিনৰ দৈর্ঘ্য ৬০ ঘণ্টা অতিক্ৰম কৰিব পাৰিলেহেঁতেন।
কানাডাৰ ট’ৰ’ল্ট’ বিশ্ববিদ্যালয়ৰ এদল জ্যোতিপদার্থ বিজ্ঞানীয়ে সম্প্রতি গৱেষণা কৰি দেখুৱাইছে যে ইয়াৰ নেপথ্যত সূৰ্যৰ হাত আছে। অর্থাৎ কোটি কোটি বছৰ ধৰি সূৰ্যইহে চন্দ্ৰক প্ৰতিৰোধ কৰি আহিছিল।
সেয়ে পৃথিৱীত দিনৰ দৈৰ্ঘ্য নির্ধাৰণৰ ক্ষেত্ৰত কেৱল চন্দ্ৰই নহয়, সূৰ্যৰ ভূমিকাও অত্যন্ত গুৰুত্বপূর্ণ। এই গৱেষণাটো সম্প্রতি ‘ছায়েন্স এডভান্সেছ’ জার্ণেলত প্রকাশ পাইছে। গৱেষণাত নেতৃত্ব দিছে ট’ৰ’ন্ট’ বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ থিঅ’ৰিটিকেল এষ্ট্র’ফিজিক্সৰ বিজ্ঞানী নৰমেন মাৰেই।
প্রশ্ন উঠিব পাৰে যে চন্দ্রই কিদৰে কমাইছে পৃথিৱীৰ ঘূৰ্ণন গতি বা কিদৰে চন্দ্ৰৰ প্ৰভাৱ প্ৰতিৰোধ কৰিছে সূৰ্যই? চন্দ্ৰৰ আকৰ্ষণতে পৃথিৱীৰ সাগৰত জোৱাৰ-ভাটা হয়। বিজ্ঞানীসকলে গৱেষণা কৰি দেখিছে যে পৃথিৱীৰ সাগৰসমূহৰ পানী বাঢ়ি যায় চন্দ্ৰৰ মধ্যাকৰ্ষণৰ টানৰ প্ৰভাৱত। সেই প্ৰভাৱে পানীত পৃথিৱীৰ ঘূৰ্ণন গতিৰ বিপৰীতমুখী এক স্ফীতি তৈয়াৰ কৰে।
এই সময়ত উত্তাল পানীৰ স’তে সাগৰতলিৰ ঘৰ্ষণে পৃথিৱীৰ গতিত ‘ব্ৰেকৰ দৰে’ কাম কৰে; কিন্তু জোৱাৰ কেৱল চন্দ্ৰ নহয়, সূৰ্যৰ কাৰণেও হয় বুলি দাবী কৰিছে কানাডাৰ বিজ্ঞানীসকলে। সেই জোৱাৰত আকৌ বিপৰীত ঘটনা ঘটে। বাঢ়ি যায় পৃথিৱীৰ গতি। অর্থাৎ চন্দ্র যদি ‘ব্রেক’, তেন্তে সূর্য হৈছে ‘এক্সেলাৰেটৰ’।































