Nagaon Bye Election Polling Day:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:পুৱা সাত বজাৰ পৰা আৰম্ভ হয় নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্রহণ৷ অৱশ্যে ভোট গ্ৰহণৰ মাজতে নগাঁও আৰু মৰিগাঁৱৰ কে’বাটাও স্থানত EVM বিকল হোৱাৰ খবৰ আহিছে ৷ যাৰ বাবে সংশ্লিষ্ট কেন্দ্ৰ কেইটাত পলমকৈ ভোট গ্ৰহণ আৰম্ভ হয় ৷
আনহাতে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই বটদ্ৰৱাৰ মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয় ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী দেবাশীষ শৰ্মাই ভোটদান কৰে মৰিগাঁৱৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ৷
লেহেমীয়া গতিত হোৱা ভোটদানৰ বাবে পুৱা ৯বজালৈকে ভোটদানৰ হাৰ প্ৰায় ১৫ শতাংশ ৷ অৱশ্যে এঘাৰ বজাত বৃদ্ধি পায় ২২শতাংশলৈ ৷ দুপৰীয়ালৈ ভোট দানৰ হাৰ অধিক বৃদ্ধি পোৱাৰ সসম্ভাৱনা আছে ৷
সৰ্বমুঠ ২,৩০৭টা ভোট কেন্দ্রত ১৯,০১,৮৯৯ ভোটাৰে নিৰ্ণয় কৰিব ১৫ প্ৰাৰ্থীৰ ভাগ্য৷ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী সকল হ’ল বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এআইইউডিএফৰ বদৰুদ্দিন আজমল, আৰচিপিআইৰ ইনামুল হুদা, এছইউচিআই (চি) ৰ বৰ্ণালী শৰ্মা, নেচনেল ৰোড মেপ পার্টি ইণ্ডিয়াৰ হাফিচ বুৰহানুদ্দিন, নৱৰংগ কংগ্ৰেছ পাৰ্টিৰ কৰিমুল্লা শ্বেইখ, নির্দলীয় মণিকল হুছেইন, মোস্তাকিম আলী, নজৰুল ইছলাম, চাবিনা ইয়াচমিন, ছফিকুল ৰহমান, ইউনিচ তামুলী, আয়ুষ কুমাৰ সিং আৰু ইমৰাণ হুছেইন।
উল্লেখ্য যে ন নম্বৰ নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত নগাঁও চহৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে আৰু মৰিগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ বাবে মৰিগাঁও মহাবিদ্যালয়ত স্থাপন কৰা সামগ্রী বিতৰণ কেন্দ্ৰৰ পৰা প’লিং আৰু প্রিজাইডিং বিষয়াৰ ২৩০৭টা দল সোমবাৰে আগবেলাৰ ভিতৰতে ৰাওনা হয়। প্ৰায়বোৰ দলেই আবেলিৰ ভিতৰতে নিজ নিজ গন্তব্য স্থানত গৈ উপস্থিত হয়। তেওঁলোকৰ বাবে পুৱা আৰু দুপৰীয়াৰ আহাৰৰ ব্যৱস্থাও কৰা হৈছে। প্রায় ১১.৫৩৫ জন ভোটগ্রহণকাৰী বিষয়া-কর্মচাৰীৰ বাবে প্ৰায় এহেজাৰখন সৰু-ডাঙৰ যান বাহনৰ ব্যৱস্থা কৰা হয়।
মনকৰিবলগীয়া যে এইবাৰ ভোটগ্রহণত মহিলা বিষয়া-কৰ্মচাৰীৰ সংখ্যা উল্লেখনীয়ভাৱে বৃদ্ধি কৰা হৈছে। নগাঁও জিলাত ২৫৮ টা ভোটগ্রহণ কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হোৱাৰ বিপৰীতে মৰিগাঁও জিলাত এনে কেন্দ্ৰৰ সংখ্যা হৈছে ৭৭টা, সর্বমুঠ ৩৩৫টা। কেন্দ্ৰ কেইটাৰ নিৰাপত্তাৰক্ষীৰ পৰা আৰম্ভ কৰি প’লিং-প্রিজাইডিং বিষয়া সকলো মহিলা নিয়োগ কৰা হৈছে। তদুপৰি প্ৰতিটো বিধানসভা সমষ্টিতে একোটাকৈ আদর্শ ভোটগ্রহণ কেন্দ্র গঢ়ি তোলা হৈছে, যিবোৰ আকর্ষণীয় ৰূপত সজাই-পৰাই তোলাৰ লগতে ভোটদাতাৰ বাবে অতিৰিক্ত সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে।
নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিৰ ধিং ছোৱালী হাইস্কুল (দক্ষিণ শাখা), ৰূপহীহাটৰ জুৰিয়া উচ্চ মাধ্যমিক বিদ্যালয়, চামগুৰিৰ ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয় (পশ্চিম শাখা), নগাঁও-বটদ্ৰৱা সমষ্টিৰ কিৰণবালা গোস্বামী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় (পূব শাখা) আৰু ৰহাৰ ৰহা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় (পূব শাখা)ক আদর্শ কেন্দ্র হিচাপে গঢ়ি তোলা হৈছে।
ৰিটার্ণিং বিষয়া তথা নগাঁও জিলাৰ আয়ুক্ত আৰণ্যক শইকীয়াই নগাঁৱৰ দুয়োটা কেন্দ্ৰতে ঘনে ঘনে অহা যোৱা কৰি খাদ্য, গাড়ী মটৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰৰে কাম-কাজৰ সূক্ষ্মভাবে নিৰীক্ষণ আৰু তদাৰক কৰি থকা দেখা গৈছে। পুৱা সাত বজাৰ পৰা বিয়লি পাঁচ বজাৰ ভিতৰত অনুষ্ঠিত হোৱা ভোটগ্রহণ পর্ব শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা প্রশাসনে ব্যাপক ব্যৱস্থা কৰিছে।
প্ৰতিটো ভোটগ্রহণকাৰী দলৰ স’তে এজনকৈ নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰা হৈছে। স্পৰ্শকাতৰ হিচাপে চিহ্নিত হোৱা ৬২৪ টা কেন্দ্ৰত অতিৰিক্তভাৱে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে।
আনহাতে ভোট গ্ৰহণ আৰম্ভ হৈ থকা সময়ত প্ৰাপ্ত খবৰ অনুসৰি ৰহা বিধান সভা সমষ্টিৰ দিঘলীআটি স্কুলৰ ২১৩নং ভোট কেন্দ্ৰত ইভিএমবিকল হোৱাৰ সমান্তৰালভাৱে ৰূপহাহাট সমষ্টি শিঙাৰী ৫৮ নং ভোট কেন্দ্ৰ আৰু মৰিগাঁৱৰ পব সিধাবাৰী ৭২নং ভোট কেন্দ্ৰটো ইভিএম বিকল হৈছে৷ যাৰ বাবে যথেষ্ট পলম হয় ভোটদান পৰ্ব।
ADVERTISEMENT































