Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

publisher by publisher
October 8, 2026
in Assam, News
Reading Time: 1 min read
0
উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

KashFlowers : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শাৰদী কোমল জোনাক মায়াৰে
মন উতলা কৰে।
জুৰিটিৰ পাৰত কঁহুৱা ফুলিলে
মন উতলা কৰে।

ADVERTISEMENT

জনপ্রিয় সংগীত শিল্পী মুনমী বৰাৰ এই গীতে হৃদয়ত জাগ্রত কৰে শৰত কালৰ প্ৰকৃতিৰ অনাবিল এক অনুভূতি। প্রকৃতিৰ নিয়ম অনুসৰি ঋতু আহে ঋতু যায়। নৈ, জান, জুৰিৰ পাৰলৈ শুভ্র কঁহুৱাৰ মৰম লৈ শৰৎ আহে সংগোপনে। নৈপৰীয়া কঁহুৱা ফুলৰ শুভ্র দলিচাই বতাহত হালিজালি দিয়ে শৰতৰ আগমনৰ বতৰা।

কঁহুৱাৰ ফুলে দিয়া এই আগজাননী ইমানেই স্পষ্ট আৰু সুন্দৰ যে ইয়াৰ স’তে অসমীয়াৰ মনত শৰৎ কালৰ সুখ-স্মৃতি, শৰতৰ শীতল বতাহ আৰু শাৰদীয় উৎসৱৰ সুৰবোৰো জাগি উঠে। কঁহুৱাৰ নাচোনত গীতিকাৰেও বিচাৰি পায় শৰতৰ অনুভৱ। কঁহুৱা ফুল কেৱল এটা ঋতুৰ প্ৰতীক নহয়; ই অসমৰ নদী, বালিচৰ আৰু পথাৰৰ স’তে জড়িত এক জীৱন্ত সংস্কৃতিৰ অংশ।

বিহালীৰ বুৰৈ নৈৰ পাৰত এই দৃশ্যই আজি যেন জীৱন্ত চিত্রপট ৰচনা কৰিছে। নদীৰ বালিচহীয়া পাৰত কঁহুৱাই যেন পাৰি দিছে শুভ্র দলিচা। ওখ ওখ কহুৱা বনৰ মূৰত বগা বগা ফুলৰ ঝুমকা। বতাহৰ লগে লগে সেই ফুলবোৰে হালি-জালি নাচনীৰ ৰূপ লৈছে।

সেই শুভ্রতাই বাটৰুৱাৰ মনত বিয়পাই দিছে অপূর্ব প্রশান্তি। থমকি ৰৈছে বাটৰুৱা। কোনোৱে ম’বাইল ফোনত তুলি লৈছে শৰতৰ এই নান্দনিক রূপ। কোনোবাই আকৌ কেবল মনে মনে ভাবি ৰৈছে-এয়াই নেকি শৰতৰ প্রথম চিঠি?

কঁহুৱা ফুলৰ এই শুভ্রতা কেৱল চকুৰ আনন্দ নহয়। ইয়াৰ স’তে জড়িত হৈ আছে অসমৰ শাৰদীয় ঋতুৰ গভীৰ অনুভূতি। ভাদৰ শেষৰ পৰা এই ফুলবোৰে নদীৰ পাৰ, পথাৰৰ দাঁতি আৰু বালিচৰত নিজৰ আধিপত্য বিস্তাৰ কৰে। বুৰৈ নৈৰ দৰে নৈবোৰৰ পাৰত ইয়াৰ সৌন্দর্য আৰু অধিক উজ্জ্বল হৈ উঠে।

পানীৰ প্ৰবাহ, বালিৰ ৰং আৰু কঁহুৱাৰ বগা দলিচা-এই তিনিটা মিলি এক অপূর্ব ত্রিভংগী সৃষ্টি কৰে। ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ ওপৰৰ পৰা যদি কোনোবাই চাই থাকে, তেন্তে নদীৰ দুয়োপাৰে মেলি থকা সেই শুভ্র দলিচা দেখি মনলৈ আহে- প্রকৃতিয়ে যেন নিজেই দুর্গতিনাশিনীৰ আগমনৰ জাননী দি বন্দনা গীত গাইছে।

কঁহুৱা ফুল কেবল সৌন্দৰ্যৰ প্রতীক নহয়; ইয়াৰ স’তে জড়িত হৈ আছে অসমৰ নৈ আৰু নদীকেন্দ্রিক জীৱনশৈলী। বুৰৈৰ পাৰৰ এই ফুলবোৰেও যেন নদীৰ স’তে এক গভীৰ সম্পৰ্ক গঢ়ি তুলিছে। নদীৰ পানীয়ে কঁহুৱাৰ শিপাবোৰক পুষ্ট কৰে, আৰু কঁহুৱাই নদীৰ পাৰক শুভ্র দলিচাৰে ঢাকি দিয়ে।

এই সম্পর্কই অসমৰ বিনন্দীয়া প্ৰকৃতিৰ এক অনন্য চানেকি-এক অমূল্য উপহাৰ। এই অনন্য উপহাৰে মানুহৰ মনত জন্ম দিয়ে নতুন আশা, নতুন আনন্দ আৰু নতুন স্মৃতিৰ। আহিনৰ এই কঁহুৱাই দিয়া আগজাননী অসমৰ প্ৰকৃতিৰ এক অমূল্য উপহাৰ।

কেৱল বুৰৈতে নে?

জামুগুৰিহাটৰ জীয়াভৰলী নৈৰ দুয়োপাৰতো দূৰ দিগন্তলৈ ফুলি উঠা কঁহুৱা বনৰ প্ৰাণ জুৰোৱা নান্দনিক দৃশ্যই হাত বাউলি দি মাতিছে সকলোকে। শুভ্র কঁহুৱাৰ এই হাত বাউলক নেওচা দিব পৰা নাই পর্যটকে। কঁহুৱা বনে আলফুল হাতেৰে সারটি লৈছে অশান্ত মনবোৰক। সম্প্রতি ছেলফি জ’নত পৰিণত হৈছে জীয়াভৰলীৰ পাৰ।

জীয়াভৰলীৰ পাৰৰ পলসুৱা বালিচৰৰ এই অপৰূপ দৃশ্য দূৰৰ পৰা চালে এনে লাগে যেন নৈৰ পাৰত কোনোবাই শুভ্র কপাহৰ দলিচাহে পাৰি থৈছে! ফিৰফিৰীয়া চেঁচা বতাহজাক যেতিয়া জীয়াভৰলীৰ বুকুৱেদি বৈ আহে, তেতিয়া হালি-জালি নাচি উঠা কঁহুৱা বনৰ নাচোনৰ দৃশ্যই যিকোনো লোকৰ অশান্ত মনলৈ এক গভীৰ প্রশান্তি কঢ়িয়াই আনে।

এফালে জীয়াভৰলীৰ নীলিম পানী, আনফালে শৰতৰ ফৰকাল নীলা আকাশ আৰু মাজত লহপহকৈ বাঢ়ি অহা বগা কঁহুৱা ফুলৰ ত্রিবেণী সংগমে প্রকৃতিপ্রেমী আৰু আলোক চিত্রশিল্পীসকলকো তীব্ৰভাৱে আকৰ্ষণ কৰিছে। জীয়াভৰলীৰ পাৰৰ এই নান্দনিকতাই সকলোৰে বুকুলৈ কঢ়িয়াই আনিছে পাৰভঙা আনন্দ।

বিয়লি বেলা জীয়াভৰলীৰ পাৰত সূর্যাস্তৰ সময়ত কঁহুৱা বনৰ মাজেৰে সৰকি অহা ৰঙা বেলিৰ পোহৰে এক অবর্ণনীয় আৰু মায়াবী পৰিৱেশৰ সৃষ্টি কৰিছে-যি পৰিৱেশ দেখিলে প্রত্যেকে অনুভৱ কৰিব পাৰিব অসমৰ প্ৰকৃতিয়ে কেনেকৈ এটা ফুলৰ মাজেৰে এটা ঋতুৰ বতৰা কঢ়িয়াই আনে। একেদৰে তেজপুৰৰ চহৰৰ দাঁতিকাষত বিশাল ব্রহ্মপুত্র নদীৰ দুয়োপাৰে এতিয়া কঁহুৱা ফুলৰ নাচোনে সৌন্দৰ্যৰ সুৱাস বিলাই প্ৰকৃতিৰ বিনন্দীয়া ৰূপ উদ্ভাসিত কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা
Assam

পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

October 8, 2026
ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল
Assam

ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

October 8, 2026
অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!
Assam

অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

October 8, 2026
নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত
Entertainment

নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

October 8, 2026
মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’
Entertainment

মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

October 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d