Vietnam : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আইনী কঠোৰতাৰ মাজতো ভিয়েটনামত মেকুৰী ভক্ষণ অব্যাহত ৰাখিছে বহু লোকে। মাংসৰ বাবে বিক্ৰীৰ উদ্দেশ্যে ২৭শকৈ মেকুৰী চুৰি কৰি দেশখনত শেহতীয়াভাবে জালত পৰিল এটা ১২ জনীয়া চক্র। এই ঘটনা সংঘটিত হৈছে ভিয়েটনামৰ বিখ্যাত হো চি মিন মহানগৰত।
১২ জনীয়া চক্রটোৱে সমগ্র হো চি মিন মহানগৰত সংঘবদ্ধভাৱে মেকুৰী চুৰিৰ জাল পেলাইছিল। চক্ৰটোৰ মূলজনক লু থান বিন (৩৯) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।
তদন্তকাৰীয়ে প্ৰকাশ কৰা অনুসৰি বিন আৰু তেওঁৰ সতীর্থসকলে বিগত কিছু মাহত হো চি মিন মহানগৰত গভীৰ নিশা মেকুৰী চিকাৰ কৰে। মটৰ চাইকেলত উঠি প্রতিদিনে নিশা ১১ বজাৰ পৰা পুৱতি নিশা চাৰি বজালৈ চক্ৰটো মেকুৰী চিকাৰত নামি পৰে।
এনেদৰে চক্ৰটোৱে নিতৌ গড়ে চাৰিৰ পৰা ১০টা মেকুৰী চুৰি কৰিছিল। এইদৰে মুঠতে কিছু দিনৰ ভিতৰতে চক্রটোরে ২৭শ কৈ মেকুৰী চুৰি কৰে। উল্লেখ্য যে ভিয়েটনামত শেহতীয়াভাবে কুকুৰ-মেকুৰী ভক্ষণকাৰী লোকৰ সংখ্যা হ্রাস পাবলৈ ধৰিছে।
ঘাইকৈ বয়স্ক লোকসকলৰ মাজতহে কুকুৰ-মেকুৰী ভক্ষণৰ পৰম্পৰা জীয়াই আছে। ইয়াৰ কাৰণ হৈছে এইসকলে বিশ্বাস কৰে যে মেকুৰীৰ মাংস ভক্ষণে সৌভাগ্য কঢ়িয়াই আনে।
অৱশ্যে বয়স্কসকলৰ মাজত প্রচলিত এই ভ্ৰান্তিকৰ ধাৰণা যুৱচামৰ মাজত নাই। বিজ্ঞানেও এনে কথা বিশ্বাস নকৰে। বয়স্কসকলৰ চিন্তাধাৰাৰ বিৰোধিতা কৰি ভিয়েটনামী যুৱ প্ৰজন্মই কুকুৰ-মেকুৰীক পোহনীয়া প্ৰাণীৰূপে গণ্য কৰিবলৈ লৈছে। বহুতে কুকুৰ-মেকুৰী পুহিবলৈও লৈছে।
আনকি ২০২৪ত দেশখনৰ আঢ়ৈ লাখৰো অধিক লোকে মাংসৰ বাবে কুকুৰ-মেকুৰী বিক্ৰীৰ বিৰোধিতা কৰি এক সজাগতা অভিযান চলায়। তদুপৰি ২০২১ত দেশখনৰ হই এন মহানগৰে কুকুৰ-মেকুৰীৰ মাংস বিক্ৰী আৰু ভক্ষণ বন্ধ কৰে।
তৎসত্ত্বেও চোৰাংকৈ একাংশই মাংসৰ বাবে কুকুৰ-মেকুৰী বিক্ৰী কৰি আহিছে। এনে কাৰণতে উক্ত ১২ জনীয়া চক্রই বিগত কিছু মাহত মেকুৰী চিকাৰত নামি পৰে। এনেদৰে চক্ৰটোৱে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰে। অৱশেষত যোৱা আঠ জুলাইৰ পৰা আৰক্ষীয়ে চক্ৰটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। এই অভিযানত চক্ৰটোৰ আটাইকেইজন জালত পৰে।
লক্ষ্যণীয় যে কেৱল ভিয়েটনামেই নহয়, এছিয়াৰ আন একাংশ দেশতো কুকুৰ-মেকুৰী ভক্ষণকাৰী লোক আছে। গতিকে কুকুৰ-মেকুৰীৰ চোৰাং বেহাত আন্তর্জাতিক চক্র জড়িত থকাৰো সন্দেহ কৰিছে ভিয়েটনাম আৰক্ষীয়ে। জালত পৰা চক্ৰটোৰ পৰা আৰক্ষীয়ে ১৫ টা মেকুৰী আৰু বৃহৎসংখ্যক জাল উদ্ধাৰ কৰে।
আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি চক্ৰটোৱে কমেও ২৭শ মেকুৰী চুৰি কৰি বিক্ৰী কৰে। উল্লেখ্য যে ভিয়েটনামৰ আইন মতে, কুকুৰ-মেকুৰীক ব্যক্তিগত সম্পদ বুলি গণ্য কৰা হয়। গতিকে কুকুৰ-মেকুৰী চুৰি কৰাটো অপৰাধ বুলি গণ্য কৰা হয়।































