DurgaPujaInAssam : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শাৰদীয় দুর্গা পূজাৰ বাবে ইতিমধ্যে ৰাজ্যৰ লগতে তেজপুৰত সাৰ্বজনীন পূজা সমিতিসমূহৰ আয়োজন পূর্ণ গতিত অব্যাহত আছে। উল্লেখ্য যে সাংস্কৃতিক চহৰ তেজপুৰত শক্তি পূজাৰ এক সুকীয়া ইতিহাস আছে। পুৰাণ প্রসিদ্ধ বাণৰজাৰ কন্যা ঊষা দেৱীয়ে আৰাধনা কৰা দেৱী ভৈৰৱী দুর্গাৰে এক ৰূপ। বর্তমানেও এই শক্তিপীঠত দুর্গা পূজাৰ সময়ত হেজাৰ-বিজাৰ লোকৰ সমাগম ঘটে।
আনহাতে পৰৱৰ্তী সময়ত এইখন চহৰত ব্যাপকতা লাভ কৰা দুর্গা পূজা এতিয়া চহৰখনৰ তথা পার্শ্ববর্তী অঞ্চলৰ এক বৃহৎ উৎসৱত পৰিণত হৈছে। বিভিন্ন থিমৰ উদ্ভাৱনীৰে পূজা অনুষ্ঠিত কৰাতো তেজপুৰৰ সুকীয়া পৰিচয় আছে। সেই ক্ষেত্রত নেপালীপট্টিৰ যুৱ সংঘৰ শাৰদীয় পূজা থিম পূজাৰ ক্ষেত্ৰত তেজপুৰৰ প্রথমখন পূজা। এক সুদীর্ঘ আৰু স্বকীয় ইতিহাস আছে।
বৰ্তমান তেজপুৰ চহৰ আৰু ইয়াৰ আশে-পাশে প্রায় ১৫০-২০০ খনতকৈও অধিক দুর্গা পূজা অনুষ্ঠিত হয়। প্রত্নতাত্বিক দিশত অতিশয় গুৰুত্বপূৰ্ণ চহৰ তেজপুৰত শাৰদীয় দুর্গা পূজা ইংৰাজৰ আমোলৰ পাছৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি পালেও তেজপুৰত শক্তিপূজাৰ ঐতিহাসিক পৃষ্ঠভূমি যেনেদৰে আছে, একেদৰে ইয়াত আছে প্রাচীন শক্তি পূজাৰ ইতিহাস। তেজপুৰৰ প্রসিদ্ধ ভৈৰৱী মন্দিৰত প্ৰাচীন কালৰে পৰা দেৱী দুর্গাৰ শক্তিৰূপৰ পূজা অর্চনা কৰি অহা হৈছে।
পৰৱৰ্তীসময়ত আহোম ৰাজত্ব কালতো ইয়াত পূজা-অর্চনা চলি আহিছিল। বর্তমান শাৰদীয় দুর্গোৎসৱৰ সময়ত ইয়াত অতি উলহ-মালহেৰে বলি বিধানসহ পৰম্পৰাগত পূজা সম্পন্ন কৰা হয়। আনহাতে ইংৰাজৰ আমোলত তেজপুৰত আৰম্ভ হয় পশ্চিমবংগৰ আৰ্হিৰ শাৰদীয় দুর্গা পূজাৰ। মুখার্জী পৰিয়ালে তেজপুৰত ১৮৬৩ত আৰম্ভ কৰে প্ৰথমখন ব্যক্তিগত দুর্গাপূজাৰ। এই পূজাৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ’ল পূৰ্বপুৰুষৰ পৰম্পৰা ৰক্ষা কৰি এতিয়াও দেবী দুর্গাৰ প্রতিমা কোনো ধৰণৰ বাহন ব্যৱহাৰ নকৰি কান্ধত তুলি মণ্ডপলৈ অনা হয়। আনহাতে, তেজপুৰত অনুষ্ঠিত দুর্গা পূজাৰ স’তে দেশৰ স্বাধীনতা আন্দোলনৰো স্মৃতি জড়িত হৈ আছে।
১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছ চৰকাৰে প্ৰখ্যাত স্বাধীনতা সংগ্রামী তথা বিশিষ্ট সাহিত্যিক
তেজপুৰৰ মহাদেৱ শৰ্মাক তেজপুৰ কাৰাগাৰত বন্দী কৰি ৰাখিছিল। সেই সময়ত কাৰাবন্দী দেশপ্রেমীসকলৰ মনত আধ্যাত্মিক বল আৰু জাতীয় চেতনা যোগাবলৈ তেওঁ কাৰাগাৰৰ ভিতৰতে দুর্গা পূজাৰ সূচনা কৰিছিল।
বর্তমান এই ঐতিহাসিক পূজাখন তেওঁৰ উত্তৰসুৰীসকলে সংস্কৃত টোলৰ সমীপত সাত্বিকতাৰে পালন কৰি আহিছে। আনহাতে তেজপুৰত বর্তমান ভালেসংখ্যক পূজা আলোকসজ্জা, মণ্ডপ তথা দৃশ্যসজ্জাৰ বাবেও বিখ্যাত। এনে পূজাৰ ভিতৰত পুৰণা পুলিচ লাইন, গাৰোৱানপট্টি, ভৈৰৱ নগৰ টিলা, নেপালী পট্টি, কটন ৰ’ড, কেতেকীবাৰী, এল বি ৰ’ড, মধ্যপাৰা, হৰিসভা আদিবোৰ ৰাজহুৱা পূজা বিখ্যাত।
আনহাতে, ৰুদ্রপাল সমিতিৰ দুর্গা পূজা, পূব তেজপুৰ বাৰোৱাৰী দুর্গা পূজাখন তেজপুৰৰ অন্যতম পুৰণি ৰাজহুৱা পূজা হোৱাৰ লগতে বেংগলী থিয়েটাৰ, পুৰণা বাণ থিয়েটাৰ, বাণ থিয়েটাৰ, এম্বার্চক্লার, অজন্তা ক্লাব, হেমবৰুৱা ভবন, কামৰূপীয় সনাতন ধর্মমণ্ডলিৰ পূজা, ডেকাৰগাঁও, চানমাৰী, গৰৈমাৰী, পর্বতীয়া, ডিপোতা, মিছন চাৰিআলি আদিৰ পূজা সমিতিসমূহ তেজপুৰৰ অন্যতম পুৰণা দুর্গা পূজা।
আনহাতে, তেজপুৰৰ কলীবাৰী অঞ্চলৰ গংগাৰাম দাসৰ পৰিয়ালে অনুষ্ঠিত কৰি অহা পূজাখনৰ লগতে মাৰোৱাৰী ধৰমশালা দুর্গা পূজা, জাহাজঘাট, মাজগাঁও দাধৰা বামুন চুবুৰীৰ শিশু বিকাশ কেন্দ্ৰৰ পূজা, কছাৰী গাঁও, হজৰাপাৰ, ঘৰপৰাচুবুৰিৰ জ্ঞানোদয় পুথিভঁৰাল, ঊষানগৰ, মৰাভৰলী পাৰ, পৰোৱা, নপাম আদিতো শাৰদীয় দুর্গা পূজা সাত্ত্বিকতাৰে অনুষ্ঠিত হৈ আহিছে।































