BuffaloHerders : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আহিনৰ পুৱা। চৌদিশে কুঁৱলীৰ আৱৰণ। ইকৰাণী পথাৰৰ নিৰ্জন পৰিৱেশত তেতিয়া ব্যস্ততা আৰম্ভ হৈছে ম’হপালকসকলৰ। বাঁহৰ কৰিয়াত ম’হৰ গাখীৰ খিৰাই দিনটোৰ কাম আৰম্ভ কৰিছে তেওঁলোকে। বাঢ়নী পানী, ঘাঁহৰ অভাৱ আৰু ম’ই ৰখাৰ বাবে সুৰক্ষিত স্থানৰ অভাৱত বছৰৰ এই সময়ছোৱাত ম’হৰ জাক লৈ ইঠাইৰ পৰা সিঠাইলৈ ভ্রাম্যমাণ জীৱন কটাবলগীয়া হয় বহু ম’হপালকে।
ম’হ পালনকে জীৱন-জীৱিকাৰ একমাত্র সম্বল হিচাপে গ্রহণ কৰি অহা পালেঙী-ৰূপহীবামৰ প্ৰদীপ বুঢ়াগোহাঁই, ইন্দ্ৰেশ্বৰ গগৈ, ৰাজা গগৈ, পদুম ফুকন আৰু প্ৰবীণ গগৈয়ে এই বাৰিষাতো ম’হৰ জাক লৈ ইতিমধ্যে সলাইছে কে’বাটাও বাহৰ।
ম’হৰ বাবে খাদ্য আৰু সুৰক্ষিত স্থান বিচাৰি ঘৰ-বাৰী এৰি ভিন্ন ঠাইত বাহৰ পাতিবলগীয়া হয় এইসকল ম’ইপালক। ম’হৰ পিছে পিছে চলা এই ভ্রাম্যমাণ জীৱনেই যেন তেওঁলোকৰ দৈনন্দিন বাস্তৱতা। কিন্তু তেওঁলোকৰ এই কঠিন জীৱন-সংগ্ৰামৰ মাজেৰেই
উৎপাদিত ম’হৰ গাখীৰে শিৱসাগৰ জিলাখনৰ গাখীৰৰ চাহিদা পূৰণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে।
ইকৰাণী পথাৰত বাহৰ পাতি থকা ম’হপালকসকলৰ পৰা প্রতিদিনে ডিমৌৰ বিভিন্ন অঞ্চলৰ লোকেও গাখীৰ সংগ্ৰহ কৰিবলৈ আহে। আহিনৰ কুঁৱলীয়ে আৱৰি ধৰা ইকৰাণী পথাৰত পুৱাৰ এই ব্যস্ততাৰ মাজতে ম’হ পালকসকলে ক’লে তেওঁলোকৰ ভ্ৰাম্যমাণ জীৱনৰ কথা-ম’হৰ স’তে পথাৰৰ পৰা পথাৰলৈ, বাহৰৰ পৰা বাহৰলৈ চলি থকা এক নিৰৱচ্ছিন্ন জীৱন-সংগ্ৰামৰ কথা।






























