CJP : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নিৰ্বাচনী তালিকাৰ SIRত অনিয়মৰ অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ তাৎক্ষণিক পদত্যাগৰ দাবীত বেংগালুৰুৰ ফ্ৰিডম পাৰ্কত আৰম্ভ হৈছে প্ৰতিবাদ।
CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আৰু ইউটিউবাৰ ধ্ৰুৱ ৰাঠীয়ে আয়োজন কৰা এই প্ৰতিবাদত অভিনেতা-কৰ্মী প্ৰকাশ ৰাজো উপস্থিত আছে। CJPৰ অন্যান্য নেতাসকলো মঞ্চত উপস্থিত থাকে।
ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত CJPৰ নেতাসকল আৰু প্ৰকাশ ৰাজে ইউটিউব ইনফ্লুৱেঞ্চাৰ ধ্ৰুৱ ৰাঠীয়েও প্ৰতিবাদত অংশগ্ৰহণ কৰিব বুলি ঘোষণা কৰিছিল। ৰাঠীয়েও নিজৰ ‘X’ একাউণ্টত ভিডিঅ’ আপলোড কৰি অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ কথা নিশ্চিত কৰিছিল। তেওঁ কৈছিল যে এই যুঁজ গণতন্ত্ৰ ৰক্ষাৰ বাবে।
বৃহস্পতিবাৰে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ‘গণতন্ত্ৰ হত্যা আৰু ভোট চুৰি’ৰ অভিযোগ উত্থাপন কৰে। CEC জ্ঞানেশ কুমাৰে পদত্যাগ নকৰালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলিও তেওঁ কয়।
ইয়াত SIRৰ বিৰুদ্ধে নাগৰিক সমাজ আৰু CJPয়ে আয়োজন কৰা প্ৰতিবাদত নেতৃত্ব দি দীপকে অভিযোগ কৰে যে Special Intensive Revision (SIR)-ৰ অধীনত ভোটাৰৰ নাম কৰ্তন কৰাৰ উদ্দেশ্য বিজেপিৰ বিৰোধী লোকসকলক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গণতন্ত্ৰ হত্যা আৰু ভোট চুৰিৰ অভিযোগো উত্থাপন কৰে তেওঁ।
তেওঁ কয়, ‘আমি ৰাজপথলৈ ওলাই আহিম, গণতন্ত্ৰ পুনৰ উদ্ধাৰ কৰিম আৰু CEC-এ পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত ৰাখিম।’
SIRক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে স্বচ্ছতাৰ অভিযোগ ধ্ৰুৱ ৰাঠীৰ
বৃহস্পতিবাৰে ইউটিউবাৰ ধ্ৰুৱ ৰাঠীয়ে SIR প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ‘শূন্য স্বচ্ছতা আৰু শূন্য জবাবদিহিতা’ৰ অভিযোগ উত্থাপন কৰে।
ফ্ৰিডম পাৰ্কত নাগৰিক সমাজৰ সংগঠন আৰু CJPয়ে SIRৰ বিৰুদ্ধে আয়োজন কৰা প্ৰতিবাদত ভাষণ দি তেওঁ কয়, ‘মই ইয়ালৈ চৰকাৰ সলনিৰ বাবে অহা নাই।’
SIR বাতিলৰ দাবী প্ৰকাশ ৰাজৰ
প্ৰতিবাদত অংশগ্ৰহণ কৰা অভিনেতা-কৰ্মী প্ৰকাশ ৰাজে SIR প্ৰক্ৰিয়া বাতিল কৰাৰ দাবী জনায়। তেওঁৰ অভিযোগ, এই প্ৰক্ৰিয়াটো কেৱল ভোট কৰ্তনৰ বিষয় নহয়, বৰং নাগৰিকৰ মৰ্যাদা আৰু অধিকাৰৰ ওপৰত আক্ৰমণ।
প্ৰকাশ ৰাজে অভিযোগ কৰে যে CEC জ্ঞানেশ কুমাৰে ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত’ কাম কৰি আছে।
SIRৰ বিৰুদ্ধে নাগৰিক সমাজ আৰু CJPয়ে আয়োজন কৰা প্ৰতিবাদত ভাষণ দি তেওঁ পুনৰ SIR প্ৰক্ৰিয়া বাতিলৰ দাবী জনায়। তেওঁৰ অভিযোগ অনুসৰি, বিষয়টো কেৱল ভোটাৰৰ নাম কৰ্তনৰ সৈতে জড়িত নহয়; ইয়াৰ স’তে নাগৰিকৰ মৰ্যাদা আৰু অধিকাৰো জড়িত।


































