ReserveBankOfIndia : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : গভীৰ বিত্তীয় জটিলতাৰ দিশে আগবঢ়া দেশৰ অৰ্থনৈতিক অৱস্থা ধৰি ৰখাৰ কৌশল হিচাপে ভাৰতীয় ৰিজার্ভ বেংক (আৰবিআই)-এ ৰেপ’ৰেট বৃদ্ধি কৰাৰ সময়তে অহা ১৩ অক্টোবৰত অসম চৰকাৰে ১১ বছৰৰ বাবে পুনৰ এহেজাৰ কোটি টকাৰ ঋণ গ্রহণ কৰিব। ইয়াৰ বাবে ১৩ অক্টোবৰত পুনৰ বণ্ড নিলামৰ বাবে চৰকাৰ সাজু হৈছে।
লক্ষ্যণীয়ভাৱে কিমান সুতৰ হাৰত চৰকাৰে এই ঋণ ল’ব তাৰ সিদ্ধান্ত বিত্ত বিভাগৰ বাজেট শাখাই এই পর্যন্ত চূড়ান্ত কৰা নাই। কাৰণ ৰিজার্ভ বেংকে সঘনে নতুন নতুন সিদ্ধান্ত গ্রহণ কৰি আহিছে।
উদাহৰণ স্বৰূপে সম্প্ৰতি ৰেপ’ৰেট বৃদ্ধি কৰাত বিভিন্ন শিতানত সুতৰ হাৰ বৃদ্ধি হোৱাটো নিশ্চিত হৈছে। চৰকাৰৰ ঋণ গ্রহণ নীতিতো ইয়াৰ প্ৰভাৱ পৰাটো অৱধাৰিত হৈছে। সেয়েহে ঋণৰ সুতৰ হাৰ বিত্ত বিভাগে চূড়ান্ত কৰিব পৰা নাই।
উল্লেখ্য যে এইবাৰৰ নিলামো ৰিজার্ভ বেংকৰ মুম্বাইস্থিত কাৰ্যালয়ত অনুষ্ঠিত হ’ব। প্রতিযোগিতামূলক আৰু অনা- প্রতিযোগিতামূলক দুয়ো প্ৰকাৰৰ নিবিদা এইক্ষেত্রত প্রযোজ্য হ’ব।
তদুপৰি নিলামৰ বাবে ধাৰ্য কৰা নিয়ম অনুসৰি ১৩ অক্টোবৰৰ পুৱা ১০-৩০ বজাৰ পৰা ১১-৩০ বজালৈ আগ্রহী ক্রেতাই বণ্ড ক্ৰয়ৰ প্ৰস্তাৱ দাখিল কৰিব পাৰিব। সেই দিনাই ৰিজার্ভ বেংকৰ ৱেবছাইটত ফলাফলো ঘোষণা কৰা হ’ব।
উল্লেখ্য যে ইয়াৰ পূৰ্বে নতুন মন্ত্রীসভা গঠন নৌহওঁতেই চৰকাৰখনে যোৱা ১২ মে’ত প্রথম এহেজাৰ কোটি টকা ঋণ লৈছিল। তাৰ পাছত ২৬ মে’ত ৭৫০ কোটি টকা, ১৬ জুনত এহেজাৰ কোটি টকা, ৩০ জুনত এহেজাৰ কোটি টকা, ২১ জুনাইত এহেজাৰ কোটি টকা, চাৰি আগষ্টত এহেজাৰ কোটি টকা, ১৮ আগষ্টত এহেজাৰ কোটি টকা, পহিলা ছেপ্টেম্বৰত পুনৰ এহেজাৰ কোটি টকা আৰু যোৱা ১৫ ছেপ্টেম্বৰত ১৩শ কোটি টকা ঋণ লয়।































