DelhiProtest : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লীত উত্তপ্ত পৰিস্থিতি। বুধবাৰে বিক্ষোভ চলি থকাৰ সময়ত আৰক্ষীক নিগ্ৰহ আৰু কৰ্তব্য পালনত বাধা দিয়াৰ অভিযোগত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী (Rahul Gandhi) আৰু কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধীৰ (Priyanka Gandhi) বিৰুদ্ধে নতুনকৈ ৰুজু কৰা হৈছে এজাহাৰ।
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মঙলবাৰৰ পাছত বুধবাৰেও দিল্লীৰ ৰাজপথলৈ ওলাই আহে ‘ইণ্ডি’ মিত্ৰজোঁট। দুপৰীয়া কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বিৰোধী সাংসদসকলক মধ্যাহ্নভোজলৈ আমন্ত্ৰণ জনায়। সেই মধ্যাহ্নভোজৰ পাছতেই ৰাহুলে ঘোষণা কৰে, ‘জ্ঞানেশক আমি আঁতৰাইহে এৰিম।’
ইয়াৰ পাছতে বাছত উঠি যন্তৰ-মন্তৰৰ উদ্দেশ্যে ৰাওনা হয় তেওঁলোক। কিন্তু আৰক্ষী আগতীয়াকৈ সাজু আছিল। যন্তৰ-মন্তৰত উপস্থিত হোৱাৰ পূৰ্বেই বিৰোধী সাংসদসকলক বাধা দিয়া হয়। বাধাৰ সন্মুখীন হৈ তেওঁলোকে বাছৰ ছাদখনকে মঞ্চ হিচাপে ব্যৱহাৰ কৰে। তাৰ পৰাই বিক্ষোভ আৰম্ভ কৰে তেওঁলোকে। ইয়াৰ পাছতে আৰক্ষীৰ স’তে তেওঁলোকৰ হতাহতি হয়।
ৰাস্তাত শুই পৰে প্ৰিয়ংকা গান্ধী। তেওঁক আগুৰি ধৰে অন্যান্য সাংসদসকলেও। টানি-আজুৰি তেওঁলোকক সেই স্থানৰ পৰা আঁতৰাই নিয়া হয়। অভিযোগ অনুসৰি, সেই সময়তে আৰক্ষীক নিগ্ৰহ কৰে ৰাহুল-প্ৰিয়ংকাই।
আৰক্ষীয়ে জনোৱা অনুসৰি, বিক্ষোভ চলি থকাৰ সময়ত সংঘটিত বিভিন্ন অপ্ৰীতিকৰ ঘটনাৰ ভিত্তিতেই এই এজাহাৰসমূহ ৰুজু কৰা হৈছে। অভিযুক্তসকলৰ ভূমিকা সন্দৰ্ভত তদন্ত চলি আছে।
বিক্ষোভৰ সময়ত সাংসদ, নেতা আদিকে ধৰি মুঠ ৯১জনক আটক কৰা হয়। দিল্লী আৰক্ষীৰ এজাহাৰত ৰাহুল-প্ৰিয়ংকাৰ উপৰি কংগ্ৰেছৰ কেবাগৰাকীও নেতা আৰু কৰ্মী-সমৰ্থকৰ নাম আছে।
ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈছে গেৰুৱা শিবিৰো। বিজেপি নেতা প্ৰদীপ ভাণ্ডাৰীয়ে কয়, ‘ৰাহুলে মহিলা আৰক্ষীক ঠেলা মাৰিছে। ভাবুকিও দিছে। নিৰ্বাচন আয়োগ সম্পৰ্কীয় বিষয়টো যেতিয়া ইতিমধ্যে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন, তেন্তে ৰাজপথলৈ ওলাই আহি বিক্ষোভ কৰাৰ প্ৰয়োজন কি আছিল?’































