WorldHealthOrganization : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : এক শতিকাপ্রাচীন মহামাৰীৰ পুনৰ প্রাদুৰ্ভাৱৰ আশংকাত সম্প্রতি ত্রস্ত হৈছে সমগ্র বিশ্ব। কৰ’না, তাৰ পাছতে মাংকিপক্স (বান্দৰৰ বসন্ত)য়ে জোকাৰি যোৱাৰ পাছত সম্প্রতি নিউমোনিক প্লেগৰ আতংকই দেখা দিছে বিশ্বত। ইয়াৰ কাৰণ হৈছে শেহতীয়াভারে ৰাছিয়াৰ এটা গৱেষণাগাৰত এই প্লেগৰ জীৱাণুভৰ্তি এটা টেষ্ট টিউব ভাঙি পৰে। ভাঙি পৰা টেষ্ট টিউবটোৰ পৰা বাহিৰলৈ নিৰ্গত জীৱাণুৰ দ্বাৰা সংক্রমিত হৈ এগৰাকী যুৱতী গৱেষিকাৰ মৃত্যু হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে বিশ্বজুৰি আতংকৰ সৃষ্টি হৈছে।
বিষয়টোক গুৰুত্ব সহকাৰে লৈ বিশ্ব স্বাস্থ্য সংস্থা (হু)ই ঘটনা সন্দৰ্ভত ৰাছিয়াৰ পৰা প্ৰতিবেদন বিচাৰিছে। প্লেগৰ বীজাণুক লৈ গৱেষণাৰত অৱস্থাত মৃত্যু মুখত পৰা এই গৱেষিকাগৰাকীৰ নাম দাৰিয়া ছিপিল’ভা।
কেনেদৰে বিয়পি পৰে নিউমোনিক প্লেগ? ৰাছিয়াৰ গৱেষণাগাৰটোত সংঘটিত অনাকাংক্ষিত ঘটনাটোৰ পাছতে নিউমোনিক প্লেগ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ আশংকাত ত্রস্ত হৈছে সমগ্র বিশ্ব। য়াছিনিয়া পেষ্টিছ নামৰ এবিধ বেক্টেৰিয়াই এই প্লেগৰ সৃষ্টি কৰে।
উল্লেখ্য যে প্লেগ ৰোগ দুবিধ আছে। ইয়াৰে এবিধ হ’ল ছেপ্টিছেমিক প্লেগ আৰু আনবিধ হ’ল নিউমোনিক প্লেগ। সম্প্রতি বিশ্বত নিউমোনিক প্লেগৰ প্ৰাদুৰ্ভাৱৰ আশংকাই দেখা দিছে। ছেপ্টিছেমিক প্লেগ সমগ্র শৰীৰত সংক্রমিত হয়। আনহাতে, নিউমোনিক প্লেগত শ্বাসযন্ত্র আক্রান্ত হয়। এটা সময়ত আক্রান্তজনৰ শ্বাসযন্ত্র সম্পূৰ্ণৰূপে বিকল হয়। ফলত ৰোগীয়ে এক যন্ত্রণাকাতৰ মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়।
প্লেগ ৰোগ এন্দুৰৰ দ্বাৰা বিয়পে। শ্বাসযন্ত্রত বীজাণুৱে আক্ৰমণ কৰাৰ পাছতে তাৎক্ষণিকভাৱে সমগ্ৰ শৰীৰত এই বীজাণু বিয়পি পৰে। ৰোগীৰ মাৰাত্মক শ্বাস কষ্ট হয়। তাৰ লগে লগে সমান্তৰালভাৱে প্ৰচণ্ড মূৰৰ বিষ হয়। ইয়াৰ সমান্তৰালভাৱে আন লোকৰ শৰীৰলৈ ৰোগ বিয়পি পৰে। এনেদৰে ইয়ে মহামাৰীৰ ৰূপ ধাৰণ কৰে।
উল্লেখ্য যে ১৮৯৬ত ভাৰতত প্লেগৰোগে মহামাৰী ৰূপ লৈছিল। পুনে, কলকাতা আৰু অবিভক্ত ভাৰতৰ কৰাচীত এই ৰোগৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ ঘটিছিল। তদুপৰি বিশ্বৰ ইতিহাসত অনেকবাৰ প্লেগে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ উদাহৰণ আছে। চিকিৎসা বিজ্ঞানীসকলৰ মতে নিউমোনিক প্লেগ সবাতোকৈ অধিক সংক্রামক বা এজনৰ পৰা আনজনলৈ সহজে বিয়পি পৰে।
আক্ৰান্ত হোৱাৰ সাতদিনৰ ভিতৰতে এজন ৰোগীৰ শ্বাসযন্ত্র ধ্বংস হ’ব পাৰে। ফলত আক্রান্ত হোৱাৰ ২৪ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত ৰোগীজন মৃত্যুমুখত পৰিব পাৰে।






























