NightSky: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : পৃথিৱীৰ যিমান ৰূপ-ৰং, তাতকৈ বিশেষ কম নহয় ইয়াৰ উপগ্ৰহৰ অপৰিমেয় সৌন্দর্য। চন্দ্ৰৰ অপৰূপ সৌন্দর্যই অসংখ্য কাব্যৰ জন্ম দিছে। বিশেষকৈ পূৰ্ণিমাৰ পূৰ্ণচন্দ্ৰই। এইবাৰ আকাশত উদিত হ’ব ‘চিকাৰীৰ চন্দ্ৰ’। যাৰ প্ৰক্ৰিয়া কাইলৈৰ পৰাই আৰম্ভ হ’ব।
কিয়নো কাইলৈ আকাশত দেখা দিব নতুন চন্দ্র অর্থাৎ কাঁচিজোনে। এই কাঁচিজোনেই একলা-দুকলাকৈ বাঢ়ি বাঢ়ি ক্রমান্বয়ে পূর্ণতা প্ৰাপ্তিৰ পাছত দেখা যাব পূর্ণচন্দ্রক। সেইদিনাই কোজাগৰী পূর্ণিমা। শৰৎকালৰ এই পূৰ্ণন্দ্ৰক কোৱা হয় ‘হাণ্টাৰ্ছ মুন’ বা ‘চিকাৰীৰ চন্দ্ৰ’।
এই বিশেষ জোনবাইকে চাবলৈ অপেক্ষা কৰি আছে আকাশপ্রেমীসকলে। ‘চিকাৰী চন্দ্ৰ’ নামৰ অন্তৰালত এক কাৰণ আছে। আচলতে প্রাচীনকালত শৰৎকালত কৃষকসকলে পথাৰৰ পৰা ফচল কাটি নিয়াৰ পাছত পথাৰসমূহ ৰিক্ত হৈ পৰিছিল।
সেই সময়ত পূৰ্ণিমাৰ নিশা চন্দ্ৰৰ উজ্জ্বল পোহৰত চিকাৰীসকলে সহজেই হৰিণা বা অন্যান্য বন্যপ্রাণী দেখা পাইছিল। ফলত চিকাৰ কৰাটো বহুখিনি সহজ হৈ পৰিছিল। সেইবাবেই এই চন্দ্রক ‘হাণ্টাৰ্ছ মুন’ বুলি কোৱা হয়।
দিগন্তৰ সমীপত উঠাৰ সময়ত এই চন্দ্ৰটো সাধাৰণ পূৰ্ণিমাৰ পৰিচিত চেহেৰাতকৈ যথেষ্ট ডাঙৰ দেখা যায়। সেই সময়ত চন্দ্রটোক সোণালী বা কমলা ৰঙৰ দেখা যায়।
এই চন্দ্ৰৰে অপৰূপ সৌন্দর্য দেখাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব কাইলৈৰ পৰা। অৱশ্যে ভাৰতীয় সময় অনুসৰি, দেওবাৰেহে এই চন্দ্র দেখা পোৱা যাব। যিহেতু প্রাথমিক অৱস্থাত চন্দ্রটো এখন কাঁচিৰ দৰে দেখি, সেই সৌন্দর্য দেখিও বহু লোক মুগ্ধ হয়।
এই চন্দ্রই ইয়াৰ পাছত অলপ অলপকৈ ডাঙৰ হৈ থাকে এটা পষেকলৈ। উল্লেখ্য যে চন্দ্ৰৰ এই ধৰণৰ বিশেষ নামকৰণ নতুন নহয়। বছৰৰ বিভিন্ন সময়ত চন্দ্রক বিভিন্ন নামত মতা হয়। এইবোৰ নামৰ ভিতৰত আছে ‘উল্ফ মুন’, ‘স্নো মুন’, ‘বার্ম মুন’, ‘ফ্লাৱাৰ মুন’, ‘ব্লু মুন’ আদি। লগতে এই প্রত্যেক নামৰ অন্তৰালত আছে নির্দিষ্ট কাৰণ।































