দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ। ওমানৰ উপকূলত ভাৰতীয় নাবিক থকা একেৰাহে দুখন জাহাজত ব্যাপক ড্ৰ’ন আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে দুজন ভাৰতীয় নাবিক। নতুনকৈ সংঘটিত এই আক্ৰমণক লৈ ক্ষুব্ধ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়।
আক্ৰমণৰ তীব্ৰ নিন্দা কৰি বিবৃতি প্ৰকাশ কৰিছে মন্ত্ৰালয়ে। আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধানৰ পোষকতা কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।
তথ্য অনুসৰি, দেওবাৰে নিকাৰাগুয়া আৰু মাৰ্শ্বেল দ্বীপপুঞ্জৰ পতাকাবাহী দুখন জাহাজ ওমানৰ উপকূলত লংগৰ পেলাই আছিল। দুয়োখন জাহাজতে ১১জনকৈ ভাৰতীয় নাবিক আছিল। আক্ৰমণৰ ঘটনাৰ পিছৰে পৰা বীৰ বাহাদুৰ যাদৱ আৰু অমিত সিং নামৰ দুজন ভাৰতীয় নাবিক সন্ধানহীন হৈ আছে।
তেওঁলোকৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ওমানৰ উপকূলৰক্ষী বাহিনীয়ে। সোমবাৰে বিষয়টো পোহৰলৈ অহাৰ পিছত ঘটনাটোৰ নিন্দা কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে, ‘ভাৰতীয় নাবিকসকলৰ সুৰক্ষা চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। ধাৰাবাহিকভাৱে বাণিজ্যিক জাহাজত আক্ৰমণে অত্যন্ত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ঘটনাই অনাগত দিনত হৰমুজৰ সমীপৱৰ্তী অঞ্চলৰ পৰিস্থিতি অধিক অৱনতি ঘটাব। সেয়েহে অবিলম্বে এই আক্ৰমণ বন্ধ কৰা প্ৰয়োজন।’
ইয়াৰ সমান্তৰালভাৱে হৰমুজকে ধৰি আন্তঃৰাষ্ট্ৰীয় জলপথসমূহত অবাধ নৌ-চলাচল নিশ্চিত কৰাৰ দাবী জনাইছে নতুন দিল্লীয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “আন্তঃৰাষ্ট্ৰীয় আইন মানি সংশ্লিষ্ট কৰ্তৃপক্ষই পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আলোচনা আৰু কূটনীতিৰ মাধ্যমেৰে সকলো সমস্যাৰ সমাধান কৰিব লাগিব।”
উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰী মাহত ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া আক্ৰমণৰ পিছৰে পৰা হৰমুজ প্ৰণালীত উত্তেজনাই বিৰাজ কৰিছে। ইয়াৰ পিছৰে পৰা হৰমুজৰ পৰিস্থিতি উত্তপ্ত হৈ আছে। আমেৰিকাৰ নিৰ্বাচনলৈকে ইৰানৰ ওপৰত কোনো আক্ৰমণ চলোৱা নহ’ব বুলি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিলেও হৰমুজত ইৰানৰ আক্ৰমণ অব্যাহত আছে।
ইয়াৰ পূৰ্বেও তাত ভাৰতীয় জাহাজ আক্ৰমণৰ সন্মুখীন হৈছে। যোৱা ৯ অক্টোবৰত ওমানৰ উপকূলৰ সমীপত পানামাৰ পতাকাবাহী এখন জাহাজত একেধৰণৰ ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছিল। সেই জাহাজখনত ২২জন ভাৰতীয় নাবিক আছিল। অৱশ্যে তেওঁলোক আটায়ে সুৰক্ষিত হৈ আছে।































