SalaryHike : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: চাকৰিয়ালসকলৰ বাবে সুখবৰ। অহা বছৰ দেশৰ চাকৰিয়ালসকলৰ দৰমহা একেকোবে ৯.১ শতাংশ বৃদ্ধি পাব পাৰে। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সংস্থা ‘এওন’ৰ এখন প্ৰতিবেদনত এই দাবী কৰা হৈছে।
দেশৰ ৪৫টা উদ্যোগ খণ্ডৰ স’তে জড়িত ১,২০০ৰো অধিক প্ৰতিষ্ঠানৰ তথ্য পৰীক্ষা কৰি সংস্থাটোৱে এই প্ৰতিবেদন প্ৰকাশ কৰিছে।
সংস্থাটোৰ মতে, ভাৰতৰ আভ্যন্তৰীণ বজাৰ অধিক শক্তিশালী হৈছে। ফলত বিনিয়োগ বৃদ্ধি পাইছে। বিদেশৰ বজাৰতো ভাৰতীয় সামগ্ৰীৰ বিক্ৰী বৃদ্ধি পাইছে। যিহেতু প্ৰতিষ্ঠানসমূহৰ মুনাফা বৃদ্ধি পাইছে, সেয়েহে দেশৰ চাকৰিয়ালসকলৰ দৰমহাও বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ সমান্তৰালকৈ ‘এওন’ৰ তৰফৰ পৰা দৰমহা বৃদ্ধিৰ সন্দৰ্ভত আন এটা গুৰুত্বপূৰ্ণ বিষয়ো উত্থাপন কৰা হৈছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে বিভিন্ন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ হাতত ধন থাকিলেও অধিকাংশ ক্ষেত্ৰতে দক্ষ কৰ্মচাৰীক ধৰি ৰখাটোৱেই হৈছে প্ৰধান সমস্যা।
ভাৰতত এটা চাকৰি এৰি আন এটা প্ৰতিষ্ঠানত যোগদান কৰাৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি পাইছে। সেয়েহে অধিক দৰমহাৰ প্ৰলোভনত যাতে দক্ষ কৰ্মচাৰীসকলে আন প্ৰতিষ্ঠানলৈ গুচি নাযায়, তাৰ প্ৰতি কৰ্তৃপক্ষই বিশেষ নজৰ দিছে। দক্ষ কৰ্মচাৰীসকলক ভাল দৰমহা দি নিজৰ প্ৰতিষ্ঠানতে ধৰি ৰাখিবলৈ চেষ্টা কৰিব প্ৰতিষ্ঠানসমূহে। এই পৰিস্থিতিয়ে দৰমহা বৃদ্ধিত সহায় কৰিব পাৰে। অৱশ্যে, আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ মতে, সকলো ধৰণৰ চাকৰিতে সমান হাৰত দৰমহা বৃদ্ধি নহয়।
প্ৰতিবেদনখনত আৰু দাবী কৰা হৈছে যে তিনিটা খণ্ডত দৰমহা বৃদ্ধিৰ সম্ভাৱনা সৰ্বাধিক। সেইকেইটা হৈছে—
১. এনবিএফচি: এইবোৰ হৈছে মূলতঃ ঋণ প্ৰদান বা বিত্তীয় কাম-কাজৰ সৈতে জড়িত প্ৰতিষ্ঠান। এই খণ্ডৰ প্ৰতিষ্ঠানসমূহত প্ৰায় ১০.১ শতাংশ হাৰত দৰমহা বৃদ্ধি হ’ব পাৰে।
২. বিদ্যুৎ বা শক্তি খণ্ড: এই খণ্ডৰ প্ৰতিষ্ঠানসমূহত দৰমহা ৯.৯ শতাংশ বৃদ্ধি পাব পাৰে।
৩. ৰিয়েল ইষ্টেট বা আবাসন খণ্ড: এই খণ্ডৰ স’তে জড়িত প্ৰতিষ্ঠানসমূহত ৯.৮ শতাংশ হাৰত দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে।
এওনৰ টেলেণ্ট ছলিউচনছ ইণ্ডিয়াৰ পাৰ্টনাৰ তথা ৰিৱাৰ্ডছ কনছাল্টিং লীডাৰ ৰূপাঙ্ক চৌধুৰীয়ে কয়, ‘প্ৰতিষ্ঠানসমূহে সকলো কৰ্মচাৰীৰ দৰমহা সমান হাৰত বৃদ্ধি কৰা নাই। বৰং তেওঁলোকে অতি হিচাপ-নিকাচ কৰি পদক্ষেপ গ্ৰহণ কৰিছে। যিসকল কৰ্মচাৰী বিশেষভাৱে দক্ষ আৰু যিসকলক বাদ দি কাম চলোৱাটো কঠিন, কেৱল তেওঁলোকৰ বাবেহে প্ৰতিষ্ঠানসমূহে অধিক ধন ব্যয় কৰিছে।’
কিন্তু কেৱল দৰমহা বৃদ্ধিয়েই নহয়, কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ব্যাপক প্ৰসাৰৰ ফলত চাকৰিৰ পৰা কৰ্মচাৰী ছাঁটাইৰ ঘটনাও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি, ২০২৪ চনত চাকৰিৰ পৰা ছাঁটাইৰ হাৰ আছিল ১৭.১ শতাংশ। ২০২৫ চনত এই হাৰ বৃদ্ধি পাই ১৬.২ শতাংশ হয়। ২০২৬ চনত সেয়া বৃদ্ধি পাই ১৮ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে।






























