MeerutMurderCase : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: মীৰাটৰ ব্যৱসায়িক জাহাজৰ বিষয়া সৌৰভ ৰাজপুতক হত্যাৰ গোচৰত তেওঁৰ পত্নী মুছকান আৰু মুছকানৰ প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি প্ৰদান কৰিছে জিলা আদালতে।
১২৬টা শুনানি আৰু ২২জনৰ সাক্ষ্যগ্ৰহণৰ পাছত প্ৰায় দুসপ্তাহ পূৰ্বে আদালতে মুছকান আৰু ছাহিলক দোষী সাব্যস্ত কৰিছিল। অৱশেষত বুধবাৰে ঘোষণা কৰা হয় শাস্তি।
অভিযোগ অনুসৰি, যোৱা চাৰি মাৰ্চত প্ৰেমিক ছাহিল শুক্লাৰ সহযোগত সৌৰভক হত্যা কৰে মুছকানে। তাৰ পিছত তেওঁৰ মৃতদেহ ১৫ টুকুৰা কৰি এটা ড্ৰামত লুকুৱাই ৰাখে। পৰৱৰ্তী সময়ত আৰক্ষীক মুছকানে জনাইছিল যে ২০২১ চনতেই সৌৰভৰ স’তে তেওঁৰ বিবাহ-বিচ্ছেদৰ গোচৰ আৰম্ভ হৈছিল।
সেই সময়লৈকে ছাহিলৰ স’তে তেওঁৰ ঘনিষ্ঠতা গঢ়ি উঠা নাছিল। পিছলৈ তেওঁলোকৰ সম্পৰ্ক যিমানেই গভীৰ হৈছিল, সিমানেই সৌৰভৰ স’তে বিবাহ-বিচ্ছেদ চূড়ান্ত কৰিবলৈ তেওঁ ব্যাকুল হৈ পৰিছিল।
সেই কাৰণেই অৱশেষত আৰু ধৈৰ্য ধৰিব নোৱাৰি স্বামীক হত্যা কৰা বুলি অভিযোগ উঠিছে।অৱশেষত এই গোচৰত মুছকান আৰু তেওঁৰ প্ৰেমিকক দোষী সাব্যস্ত কৰে জিলা আদালতে।
বুধবাৰৰ ৰায়দানৰ প্ৰতি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিল। অৱশেষত জানিব পৰা গ’ল যে মীৰাটৰ এখন আদালতে দুয়োকে চৰম শাস্তি প্ৰদান কৰিছে।































