ClimateChange : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বিশ্বত বিগত কিছু বছৰৰ পৰা ক্ৰমে গৰমৰ মাত্রা বৃদ্ধি পাই থকাৰ সময়তে দক্ষিণ মেরুকেন্দ্ৰিক এক উদ্বেগজনক বাৰ্তা প্ৰেৰণ কৰিছে একাংশ বিজ্ঞানীয়ে। কৃত্রিম উপগ্ৰহৰ দ্বাৰা সংৰক্ষিত তথ্য ব্যাখ্যা কৰি এইসকল বিজ্ঞানীয়ে কয় যে এইবাৰ দক্ষিণ গোলাৰ্ধৰ শীতৰ দিনত তৃতীয়বাৰৰ বাবে শুকুলা দক্ষিণ মেৰুৰ বৰফৰ পৰিমাণ সর্বনিম্ন হৈছে।
পৃথিৱীক জীৱৰ বাসোপযোগী কৰি ৰখাত অন্যতম মুখ্য ভূমিকা পালন কৰি অহা দক্ষিণ মেৰুৰ এই বৰফ হ্ৰাসৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈছে বহু বিজ্ঞানীয়ে। মার্কিন মহাকাশ গৱেষণা সংস্থা (নাছা) আৰু দেশখনৰ ৰাষ্ট্ৰীয় তুষাৰ আৰু বৰফৰ তথ্য কেন্দ্ৰৰ বিজ্ঞানীসকলৰ মতে, যোৱা ১৪ ছেপ্টেম্বৰত দক্ষিণ মেৰুৰ বৰফে ১৭.৫৯ নিযুত কিলোমিটাৰ আগুৰি আছিল।
এয়া হৈছে দক্ষিণ গোলাৰ্ধৰ শীতৰ দিনত এই মেৰু দেশত আগুৰি থকা বৰফৰ সৰ্বনিম্ন আচ্ছাদন। বিজ্ঞানীসকলৰ মতে, দক্ষিণ গোলাৰ্ধৰ শীতৰ দিনত ছেপ্টেম্বৰৰ মাজভাগত দক্ষিণ মেৰুত বৰফৰ আৱৰণী সর্বোচ্চ হয়। ইয়াৰ বিপৰীতে এইবাৰ এই আৱৰণী চাৰি লাখ বর্গ মাইল হ্রাস পালে।
উল্লেখ্য যে দক্ষিণ গোলার্ধত ছেপ্টেম্বৰত শীতকাল অন্ত পৰে। তেতিয়ালৈ দক্ষিণ মেৰুত বৰফৰ আচ্ছাদনৰ পৰিসৰ বছৰটোতে সর্বাধিক হয় বুলি প্রকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কল’ৰাডো বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় তুষাৰ আৰু বৰফৰ তথ্য কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড° ৱাল্ট মেয়াৰে।
বিজ্ঞানীজনৰ মতে, দক্ষিণ মেৰুত বৰফৰ আৱৰণী এনেদৰে হ্রাস পোৱাটো অত্যন্ত উদ্বেগৰ বিষয়। কাৰণ দক্ষিণ মেৰুৰ বৰফে সাগৰ-মহাসাগৰৰ পানীৰে পৰিপূৰ্ণ কৰে। গতিকে এই মেৰুত বৰফৰ আচ্ছাদন হ্রাসে সাগৰীয় জীৱৰ প্রতিও অশনি সংকেতৰ সৃষ্টি কৰিছে।
বিজ্ঞানীসকলে আন এক উদ্বেগজনক তথ্য প্রকাশ কৰি কয় যে ২০২৩ৰ পৰা দক্ষিণ মেৰুত বৰফৰ আচ্ছাদন হ্রাস পাবলৈ ধৰিছে। এই বিচ্যুতি কৃত্রিম উপগ্ৰহই ধৰা পেলাইছে।































