দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: পৰীক্ষামূলকভাৱে ছাইফনিং’ পদ্ধতিত হিমবাহ হ্ৰদৰ জলস্তৰ হ্ৰাস কৰাত সফল হৈছে ‘ভুটান নেচনেল চেণ্টাৰ ফৰ হাইড্ৰ’লজি এণ্ড মেটিঅ’ৰোল’জি’। একাংশ বিশেষজ্ঞৰ মতে, এই সাফল্য হিমবাহ হৃদৰ কৃত্রিম বান্ধ ভাঙি বিধ্বংসী আকস্মিক বানৰ আশংকা দূৰীকৰণত এক ডাঙৰ পদক্ষেপ।
কালি এক বিজ্ঞপ্তিত ‘ভূটান নেচনেল চেণ্টাৰ ফৰ হাইড্র’লজি এণ্ড মেটিঅ’ৰোল’জি’ৰ তৰফৰ পৰা এই কথা সদৰী কৰিছে। বিজ্ঞপ্তিত কোৱা হৈছে যে এমাহৰ প্ৰস্তুতিৰ পাছত ১২ অক্টোবৰৰ বিয়লি ৪-০৩ বজাত দেশখনৰ থোৰথোর্মি হিমবাহ হৃদত ‘পাইলট ছাইফন প্রযুক্তি’ সফলভাৱে পৰীক্ষা কৰা হয়।
সাগৰপৃষ্ঠৰ পৰা ৪,৪০০ মিটাৰৰো অধিক উচ্চতাৰ লুনায়াত কৰা এই পৰীক্ষা হিমবাহ হ্ৰদৰ বান্ধ ভাঙি বিধ্বংসী আকস্মিক বানৰ আশংকা হ্রাস কৰাত ভূটানৰ চলমান বৃহৎ পদক্ষেপ এই ছাইফনিং পদ্ধতি কি?
ভূগোলৰ গৱেষক তথা কলকাতাৰ চোপ্রা কলেজৰ অধ্যক্ষ মধুসূদন কৰ্মকাৰে জনাইছে যে ছাইফন এনে এবিধ নলাকাৰ যন্ত্ৰ, যাৰ সহায়ত পাম্প অথবা বাহ্যিক শক্তি ব্যৱহাৰ নকৰাকৈ বায়ুমণ্ডলীয় চাপৰ প্ৰভাৱত ওখজলাধাৰৰ পৰা তৰল পদাৰ্থ তলৰ স্থানলৈ স্থানান্তৰিত কৰা হয়। ই প্রধানকৈ এবিধ ‘ইউ’ আকৃতিৰ বেঁকা নলী।
ছাইফনে সম্পূৰ্ণৰূপে বায়ুমণ্ডলৰ চাপৰ ওপৰত নিৰ্ভৰ কৰি কাম কৰে। কৰ্মকাৰে কয়, ‘ভূটানৰ অসাধাৰণ সাফল্যই ভাৰত আৰু নেপালক হিমবাহ হ্ৰদৰ বিপৰ্যয়ৰ পৰা আত্মৰক্ষাৰ পথ দেখুৱাব।’
‘ভূটান নেচনেল চেণ্টাৰ ফৰ হাইড্র’লজি এণ্ড মেটিঅ’ৰোল’জি’ৰ সূত্রই জনাইছে যে ভূটানৰ ১৭টা বিপজ্জনক হিমবাহ হ্ৰদৰ অন্যতম থোৰথৰ্মি হ্রদ, ফো ছু আৰু পুনাৎছাংছু। এইবোৰ নদী অৱবাহিকাৰ তলৰ অঞ্চলত জনবসতি, গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু জীৱবৈচিত্র্যৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে।
পৰিস্থিতিৰ মোকাবিলাত ছাইফন প্রযুক্তি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ বাবে এনচিএইছএম উচ্চ ঘনত্বৰ পলিথিন ছাইফন পাইপলাইন বহুওৱা হৈছে। চাৰিওকাষৰ ভংগুৰ মোৰাইন অৰ্থাৎ হিমবাহ হ্ৰদৰ কৃত্রিম বান্ধক অক্ষত ৰাখি পানীৰ স্তৰ নমাই অনাৰ বাবে সেইটো ডিজাইন কৰা হৈছে।
বিশ্ববেংকৰ আর্থিক সাহায্যত বিগত বছৰৰ অক্টোবৰ-নৱেম্বৰত প্ৰাথমিক পৰীক্ষা আৰম্ভ হয়। প্রাথমিক পৰীক্ষাৰ পাছত ভূটান চৰকাৰৰ উদ্যোগত চলিত বৰ্ষৰ ছেপ্টেম্বৰ-অক্টোবৰত থোৰথমি হ্ৰদৰ পানী নমাই অনাটো সম্ভৱ হয়।
লুনায়াত ‘ভূটান নেচনেল চেণ্টাৰ ফৰ হাইড্র’লজি এণ্ড মেটিঅ’ৰোল’জি’ৰ কাৰিকৰী দলে এমাহৰো অধিক সময় ধৰি বিপজ্জনক বতৰৰ মাজত এই কাম কৰি গুৰুত্বপূৰ্ণ সফলতা অর্জন কৰে।































