KumbhMela : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ নাছিকৰ কাষতে আগন্তুক কুম্ভমেলাৰ স্থানৰ সমীপতে ভূগর্ভস্থ পানীত মিহলি হৈছে কর্কট সৃষ্টিকাৰী বিষাক্ত ৰাসায়নিক। সেই ৰাসায়নিকৰ মাত্ৰা নিৰাপদ সীমাতকৈ হেজাৰ গুণ বেছি বুলি এক প্রতিবেদনত প্রকাশ পাইছে। এই প্রতিবেদন প্রকাশ পোৱাৰ পাছতে স্থানীয় বাসিন্দা আৰু প্রশাসনৰ মাজত উদ্বেগ বৃদ্ধি পাইছে।
নাছিকৰ সেই আস্বাদ নামৰ অঞ্চলটো আচলতে ঔদ্যোগিক অঞ্চল। সেই অঞ্চলৰ পানীতেই কর্কট সৃষ্টিকাৰী ৰাসায়নিক হেক্সাভেলেন্ট ক্র’মিয়াম পোৱা গৈছে। আশংকা কৰা হৈছে যে আসন্ন কুম্ভমেলাত গোদাবৰীৰ পানীত এই উপাদান মিহলি হৈ বিষাক্ত হৈ উঠিব পাৰে।
পৰীক্ষাগাৰত দেখা গৈছে যে প্রতি লিটাৰ পানীত ক্ৰ’মিয়ামৰ পৰিমাণ ৫০.৫ মিলিগ্রাম। ইয়াৰ ভিতৰত হেক্সাভেলেন্ট ক্র’মিয়ামেই আছে ৫০.৩ মিলিগ্রাম। নিৰাপদ সীমা য’ত প্রতি লিটাৰত মাত্র ০.০৫ মিলিগ্রাম। সেই হিচাপেই দেখুৱাই দিছে যে নিৰাপদ মাত্রাতকৈ এহেজাৰ গুণৰো অধিক পৰিমাণে ‘বিষ’ মিহলি হৈ আছে।
প্রাপ্ত তথ্য অনুসৰি, সেই অঞ্চলৰ কুঁৱাৰ পানীত হালধীয়া ৰঙৰ পানী দেখা গৈছে। সেই প্রতিবেদন পোৱাৰ পাছতে সেয়া পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। আশংকা কৰা হৈছে যে উদ্যোগৰ কামত সেই পানী ব্যৱহৃত হোৱাৰ কাৰণেই এই বিপত্তি দেখা গৈছে।
বাৰে বাৰে অভিযোগ কৰা সত্ত্বেও হেনো নিয়ন্ত্রক সংস্থাসমূহৰ তৰফৰ পৰা সেইদৰে সঁহাৰি পোৱা নাই। অথচ স্থানীয় কর্মীসকলে দীর্ঘদিনৰ পৰাই অভিযোগ জনাই আহিছে। অৱশ্যে এইবাৰ পৰীক্ষাগাৰৰ পৰা প্ৰতিবেদন লাভ কৰাৰ পাছতে সমগ্র বিষয়টো পোহৰলৈ আহিছে।
একাংশ পৰিৱেশবিদে জনাইছে যে উদ্যোগৰ বর্জনীয় পদাৰ্থবোৰ পৰিশোধন নকৰিলেই এই ধৰণৰ প্ৰদূষণ বিয়পিব পাৰে। এই আশংকা ক্রমাৎ ডাঙৰ হৈছে বুলিও পৰিৱেশবিদসকলে কয়।
উল্লেখ্য যে হেক্সাভেলেন্ট ক্র’মিয়াম তথা ক্র’মিয়াম-৬ হৈছে ধাতৱ ক্ৰ’মিয়ামৰে ৰাসায়নিক ৰূপ। বিভিন্ন উদ্যোগত এইবোৰ ব্যৱহৃত হয়। অসাৱধানতাই ইয়াৰ পৰা ডাঙৰ বিপদ আনিব পাৰে। এতিয়া সাম্প্রতিক প্রতিবেদনত ইয়াক লৈ আশংকা আৰু ঘনীভূত হ’ল।































