IndiaChinaRelations : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : পুনৰ লাডাখ সীমান্তত পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকাই দেখা দিছে। চীনৰ আগ্রাসী মনোভাবক কেন্দ্ৰ কৰি এনে আশংকাৰ সৃষ্টি হৈছে। উল্লেখ্য যে যোৱা সপ্তাহত ‘ছার্ভে অব ইণ্ডিয়া’ই প্ৰকাশ কৰা চৰকাৰী মানচিত্ৰত দেশৰ ভূখণ্ডৰ অন্তৰ্গত লাডাখৰ ২৮টা স্থানৰ নামকৰণ কৰা হয়। ইয়াক লৈ জাঙুৰ খাই উঠি তীব্ৰ বিৰোধিতা কৰে বেইজিঙে।
‘ছার্ভে অৱ ইণ্ডিয়া’ৰ এই মানচিত্ৰক অবৈধ আৰু অকাৰ্যকৰী পদক্ষেপ আখ্যা দিয়ে চীনৰ বৈদেশিক মন্ত্রী মাও নিঙে। আনহাতে,চীনৰ এই অপ্রত্যাশিত কাণ্ডৰ প্ৰত্যুত্তৰ দি সম্প্রতি সৰৱ হৈ উঠিছে নতুন দিল্লী।
লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ আখ্যা দি বিদেশিক মন্ত্রণালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে কয়, ‘কেন্দ্রীয়শাসিত অঞ্চল লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ। চীনে যিমানেই অস্বীকাৰ নকৰক কিয়, এই প্রতিষ্ঠিত সত্যৰ কোনো পৰিৱৰ্তন হ’ব নোৱাৰে।’
উল্লেখ্য যে যোৱা দুই অক্টোবৰত প্ৰকাশিত ‘ছার্ভে অব ইণ্ডিয়া’ৰ শেহতীয়া মানচিত্ৰত লাডাখৰ কনিষ্ক শৃংগ, কাৰুন পীৰ পৰ্বত, মাৰ্টণ্ড গিৰি, পাৰ্পিক হিমবাহ আদিৰ নামকৰণ কৰা হয়।
উল্লেখ্য যে ২০২০ত লাডাখ সীমান্তত চৰম উত্তেজনাপূর্ণ পৰিৱেশৰ সৃষ্টি হৈছিল। উক্ত বছৰৰ ১৫ জুনত পূৱ লাডাখৰ গালৱানৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনা সেনাৰ আক্ৰমণত ২০জন ভাৰতীয় সেনা ছহিদ হয়। ইয়াৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনায়ো দিয়াত চীনৰো বহুসংখ্যক সেনাৰ প্ৰাণহানি ঘটে।
অৱশ্যে তাৰ পাছৰে পৰা দুয়ো পক্ষই পৰিস্থিতিৰ পুনৰ উন্নত কৰাৰ চেষ্টাত নামি পৰে। এই চেষ্টা কিছু সফলো হয়। কিন্তু শেহতীয়াভারে চীন ‘ছার্ভে অব ইণ্ডিয়া’ৰ মানচিত্ৰৰ বিৰোধিতা কৰাত পৰিস্থিতি পুনৰ উত্তেজনাপূর্ণ হোৱাৰ আশংকাই দেখা দিছে। কাৰণ এই মানচিত্ৰৰ বিৰোধিতা কৰি চীনৰ বৈদেশিক মন্ত্রী মারে কয়, ‘চীনে কেতিয়াও তথাকথিত লাডাখ কেন্দ্রীয়শাসিত অঞ্চলৰ স্বীকৃতি দিয়া নাই। ভাৰতে এই কেন্দ্রীয়শাসিত অঞ্চল একপক্ষীয়ভাবে প্রতিষ্ঠা কৰিছে। লাডাখৰ ২৮টা অঞ্চলৰ নামকৰণো অবৈধ।’































