CJP : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: যন্তৰ-মন্তৰত ককৰোচ জনতা পাৰ্টি (CJP) ৰ মুখপাত্ৰ সৌৰভ দাস, আশুতোষ ৰাংকা আৰু অজিংক্য সিন্দেক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ৰাজধানীত তীব্ৰ ৰাজনৈতিক চাঞ্চল্যৰ সৃষ্টি হৈছে।
এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দলৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।
এক বাৰ্তাত তেওঁ আৰক্ষীৰ এই পদক্ষেপক গণতন্ত্ৰ বিৰোধী আৰু একনায়কত্ববাদী আখ্যা দিয়ে।সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰা দীপকেৰ মূল প্ৰতিক্ৰিয়া আৰু অভিযোগসমূহ হ’ল – “ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?”
দীপকে ক্ষোভেৰে প্ৰশ্ন কৰে যে তেওঁৰ সতীৰ্থসকলে যন্তৰ-মন্তৰত কেৱল দেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। তেওঁ কয়, “ৰাষ্ট্ৰীয় পতাকা উৰুওৱাটো কেতিয়াৰ পৰা আইন উলংঘাৰ আওতাত পৰিল?”
যিসকলে ত্ৰিৰংগা উৰুওৱাটো অপৰাধ বুলি গণ্য কৰিছে, তেওঁলোকক দীপকে ‘দেশবিৰোধী’ বুলি অভিহিত কৰে।
আইনজীৱীক বাধা আৰু ভাবুকিৰ অভিযোগ: আৰক্ষীয়ে প্ৰচলিত সকলো আইনী নিয়ম উলংঘা কৰা বুলি দাবী কৰি চিজেপিৰ মুৰব্বীগৰাকীয়ে অভিযোগ কৰে যে ধৃত সতীৰ্থসকলক পৃথককৈ কাৰাগাৰত ৰখা হৈছে। আনকি তেওঁলোকৰ অধিবক্তাসকলক থানাত সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই। আইনী গোটৰ কৰ্মীসকলক আৰক্ষীয়ে ওলোটাকৈ আটক কৰাৰ ভাবুকি প্ৰদান কৰা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।
যন্তৰ-মন্তৰ বন্ধ কৰাক লৈ চৰকাৰক প্ৰত্যাহ্বান: চৰকাৰে হঠাতে যন্তৰ-মন্তৰক প্ৰতিবাদস্থলী হিচাপে বাতিল কৰা সিদ্ধান্তৰ পাছতেই এই গ্ৰেপ্তাৰ প্ৰক্ৰিয়া চলোৱা হৈছে। ইয়াক লৈ চৰকাৰক প্ৰত্যাহ্বান জনাই দীপকে স্পষ্টকৈ কয়, “আপোনালোকে প্ৰতিবাদকাৰীৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে।” যন্তৰ-মন্তৰ বন্ধ কৰি দিলে সমগ্ৰ দেশতে হেজাৰ হেজাৰ নতুন প্ৰতিবাদস্থলী গঢ়ি উঠিব বুলি তেওঁ হুংকাৰ দিয়ে।






























