JantarMantar : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: আৰক্ষীৰ নিষেধাজ্ঞা উলংঘা কৰি বেৰিকেড পাৰ হৈ যন্তৰ-মন্তৰত প্ৰৱেশ কৰি জাতীয় পতাকা উৰুওৱাৰ পৰিণতি ভুগিবলগীয়া হ’ল ককৰোচ পাৰ্টিৰ নেতাসকলে। দিল্লী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছত এইবাৰ তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ল ককৰোচ পাৰ্টিৰ দুই শীৰ্ষ নেতা আশুতোষ ৰাংকা আৰু সৌৰভ দাসক।
আদালতে দুয়োকে পাঁচ দিনৰ কাৰাবন্দী অৱস্থাত ৰখাৰ নিৰ্দেশ দিছে। আনহাতে, এই ঘটনাৰ আন এজন অভিযুক্ত তথা অভিজিৎ দীপকেৰ ৰাজনৈতিক গুৰু অজিংক্য সিণ্ডেক পীচ বণ্ডত স্বাক্ষৰ কৰোৱাই মুক্তি দিয়া হৈছে।
যোৱা ১১ অক্টোবৰত দিল্লী আৰক্ষী আয়ুক্তৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছিল যে এতিয়াৰে পৰা যন্তৰ-মন্তৰত কোনো প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিব পৰা নাযাব। প্ৰতিবাদ কৰিবলৈ হ’লে ৰামলীলা ময়দান, বুৰাৰী ময়দান অথবা চিবিডি ময়দানলৈ যাব লাগিব। কিন্তু সেই নিষেধাজ্ঞা উলংঘা কৰি মঙলবাৰে পুৱতি নিশা চিজেপিৰ তিনি নেতাই বেৰিকেড পাৰ হৈ যন্তৰ-মন্তৰত প্ৰৱেশ কৰে। তাত তেওঁলোকে জাতীয় পতাকা উৰুৱাই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে।
স্বাভাৱিকতেই দিল্লী আৰক্ষীয়ে তেওঁলোকক আটক কৰে। বুধবাৰে পুৱা তেওঁলোকক গ্ৰেপ্তাৰ কৰা বুলি আনুষ্ঠানিকভাৱে দেখুওৱা হয়। গ্ৰেপ্তাৰৰ পিছত সেইদিনা তেওঁলোকক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়। শিণ্ডেক বাদ দি বাকী দুজনক ৫ দিনৰ কাৰাবন্দী অৱস্থাত ৰখাৰ নিৰ্দেশ দিয়া হৈছে।
আৰক্ষীৰ অভিযোগ অনুসৰি, অনুমতি অবিহনেই তিনি নেতাই যন্তৰ-মন্তৰত প্ৰৱেশ কৰিছিল। ১৪৪ ধাৰা উলংঘা কৰাৰ লগতে শনিবাৰে শান্তি বজাই ৰখাৰ চৰ্তত ৫০ হেজাৰ টকাৰ যি বণ্ডত তেওঁলোকে স্বাক্ষৰ কৰিছিল, সেয়াও উলংঘা কৰিছে। ইয়াৰ উপৰি চৰকাৰী কাম-কাজত বাধা দিয়াৰো অভিযোগ উত্থাপন কৰা হৈছে। আনহাতে, চিজেপিৰ দাবী, দিল্লী আৰক্ষীয়ে আদালতত মিছা কথা কৈছে।
আৰক্ষীয়ে যন্তৰ-মন্তৰত সমবেত হ’বলৈ আহ্বান জনোৱা হৈছিল বুলি দাবী কৰিছে যদিও তেনে কোনো আহ্বান জনোৱা হোৱা নাছিল বুলি দলটোৱে কয়। এক্স হেণ্ডেলত দীপকে লিখিছে, ‘দোষ কেৱল ত্ৰিৰংগা উৰুওৱা। সাহস থাকিলে মোদীজী, জৰুৰীকালীন অৱস্থা ঘোষণা কৰক।’
উল্লেখ্য যে সোমবাৰেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা হৈছিল যে যন্তৰ-মন্তৰক এতিয়াৰে পৰা প্ৰতিবাদস্থলী হিচাপে ব্যৱহাৰ কৰিব পৰা নাযাব। আৰক্ষীয়ে তিনিটা বিকল্প স্থান নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত আটাইতকৈ পৰিচিত স্থানটো হৈছে ৰামলীলা ময়দান। উত্তৰ দিল্লীৰ বুৰাৰী ময়দান আৰু পূব দিল্লীৰ চিবিডি ময়দানকো প্ৰতিবাদস্থলী হিচাপে চিহ্নিত কৰা হৈছে।
ৰামলীলা ময়দান বুকিং কৰিবলৈ ১.২১ লাখ টকা খৰচ হ’ব। ময়দানখনৰ ১২ একৰ ঠাইত সৰ্বাধিক ৫০ হেজাৰ লোক সমবেত হ’ব পাৰে। এই ময়দানৰ দৈনিক ভাড়া ৫০ হেজাৰ টকা। ইয়াৰ স’তে নিৰাপত্তাৰ জামানত আৰু কৰ যোগ কৰিলে মুঠ ধনৰ পৰিমাণ ১ লাখ ২১ হেজাৰ টকা হয়। ইয়াৰে ৫৫ হেজাৰ টকা অৱশ্যে ঘূৰাই পোৱা যাব। বাকী প্ৰায় ৬৬ হেজাৰ টকা ঘূৰাই পোৱা নাযাব।































