দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: চিকিৎসাধীন অৰ্জুন বঁটা বিজয়ী বিশিষ্ট ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ADVERTISEMENT
ডিব্ৰুগড়ৰ অপেক্ষা হাস্পতালত উপস্থিত হৈ সোণোৱালে প্ৰায় ১৫ মিনিট সময় বৰুৱাৰ স’তে বাৰ্তালাপ কৰে। বৰুৱাৰ স্বাস্থ্যৰ উন্নতি দেখি সন্তুষ্টি প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, পাঁচদিনীয়া চিকিৎসাৰ অন্তত সুস্থ হৈ আজি নিজ গৃহ শিৱসাগৰলৈ উভতি যাব ভোগেশ্বৰ বৰুৱা।






























