ElectionCommissionOfIndia : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: এছআইআৰক লৈ দেশজুৰি তীব্ৰ সমালোচনাৰ মাজতে বৃহস্পতিবাৰে দেশৰ ১৭খন ৰাজ্যত স্পেচিয়েল ছামাৰী ৰিভিজন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। এই ঘোষণাক নিজৰ জয় হিচাপে গণ্য কৰিছে বিৰোধী দলসমূহে। এইবাৰ বিৰোধীৰ আন এটা দাবীও মানি লৈছে আয়োগে।
এতিয়াৰে পৰা ৰাজনৈতিক দলসমূহক মেচিন ৰিডেবল পিডিএফ ফৰ্মেটত ভোটাৰ তালিকা প্ৰদান কৰিব নিৰ্বাচন আয়োগে। ৰাহুল গান্ধীকে ধৰি বিৰোধী নেতাসকলে দীৰ্ঘদিন ধৰি অভিযোগ কৰি আহিছে যে নিৰ্বাচন আয়োগে ‘চুৰি’ৰ তথ্য লুকুৱাবলৈ ৰাজনৈতিক দলসমূহক মেচিন ৰিডেবল ভোটাৰ তালিকা প্ৰদান কৰা নাই।
নিৰ্বাচন আয়োগে প্ৰদান কৰা ভোটাৰ তালিকাখন পিডিএফৰ ‘ইমেজ’ ফৰ্মেটত থাকে। অৰ্থাৎ, সেই ভোটাৰ তালিকাত কাৰোবাৰ নাম বিচাৰি উলিয়াব নোৱাৰি। কোনো নিৰ্দিষ্ট তথ্য পৃথকভাৱে বিচাৰিব নোৱাৰি। আনকি লিখা কপি বা পেষ্ট কৰাও সম্ভৱ নহয়। ফলত কোনো তথ্য বিচাৰিবলৈ হাজাৰ হাজাৰ লোকৰ মাজত খেৰৰ দমত বেজী বিচৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়।
ইয়াৰ ফলত বহু ভুৱা ভোটাৰৰ নাম ভোটাৰ তালিকাত লুকাই থাকে বুলি বিৰোধীয়ে অভিযোগ কৰি আহিছে।
এই বিষয়টোক লৈ ২০১৮ চনত কংগ্ৰেছে উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰিছিল। ৰাহুল গান্ধীসকলে দাবী কৰিছিল যে সকলো ৰাজনৈতিক দলকে মেচিন ৰিডেবল ভোটাৰ তালিকা প্ৰদান কৰিব লাগে।
সেই সময়ত নিৰ্বাচন আয়োগে যুক্তি দিছিল যে ভোটাৰসকলৰ ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ স্বাৰ্থত ৰাজনৈতিক দলসমূহক এই ধৰণৰ ভোটাৰ তালিকা প্ৰদান কৰা নহয়। সেই সিদ্ধান্ত সলনি কৰাটো সম্ভৱ নহয় বুলিও আয়োগে জনাইছিল।
কিন্তু বৰ্তমান বিৰোধীৰ প্ৰতিবাদৰ পৰিস্থিতিৰ মাজতে সেই সিদ্ধান্ত সলনি কৰিলে জ্ঞানেশ কুমাৰ নেতৃত্বাধীন নিৰ্বাচন আয়োগে। সূত্ৰৰ খবৰ অনুসৰি, এতিয়াৰে পৰা সকলো ৰাজনৈতিক দলকে মেচিন ৰিডেবল ভোটাৰ তালিকা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে নিৰ্বাচন আয়োগে।
ইয়াৰ জৰিয়তে ৰাজনৈতিক দলসমূহে ভোটাৰ তালিকাৰ পৰা নিজৰ প্ৰয়োজন অনুসৰি তথ্য বিচাৰি উলিয়াব পাৰিব। বিৰোধী শিবিৰে এই সিদ্ধান্তক বৃহৎ জয় হিচাপে গণ্য কৰিছে।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে জনাইছিল যে নৱেম্বৰ মাহৰ পৰা ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত স্পেচিয়েল ছামাৰী ৰিভিজন আৰম্ভ হ’ব।
এই নতুন সমীক্ষাৰ মূল উদ্দেশ্য হৈছে নতুন ভোটাৰৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা। বাদ পৰি যোৱা ভোটাৰসকলকো এই প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত কৰা হ’ব বুলি আয়োগে জনাইছে। এই সিদ্ধান্তকো নিজৰ জয় হিচাপে গণ্য কৰিছে বিৰোধী দলসমূহে।































