RoadConstruction : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নৱ সংযোজিত ৮৫ নম্বৰ মাকুম বিধানসভা সমষ্টি লক্ষীপথাৰ গাঁৱৰ পঞ্চায়তৰ অন্তৰ্গত নির্মীয়মাণ অৱস্থাত থকা এটি পথ নির্মাণত ব্যাপক দুর্নীতিৰ অভিযোগ উত্থাপন হৈছে। তথ্য অনুসৰি লক্ষীপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰংচঙী গাঁও পৰা নালন্দা মধ্য ইংৰাজী বিদ্যালয়লৈ সংযোগী নির্মীয়মাণ পথটো নির্মাণত ঠিকাদাৰে নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰেৰে স্থানীয় ৰাইজক কণা হাঁহক পতান ধান দিয়াৰ দৰে কাৰবাৰ সংঘটিত কৰাৰ অভিযোগ তুলিছে ডিগবৈ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ সম্পাদক শিক্ষান্ত নেওগৰ লগতে স্থানীয় ৰাইজে।
এক কোটি ৪৮ লাখ টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা প্রায় ১.৬ কিলো মিটাৰ দৈৰ্ঘ্যৰ পথটোৰ নিৰ্মাণৰ ঠিকা লাভ কৰা মাকুমৰ নিৱাসী ঠিকাদাৰ পৰাগজ্যোতি কোচে পথটোৰ এষ্টিমেটেদত উল্লেখ থকা অনুসৰি পথটো নিৰ্মাণৰ বাবে ব্যৱহৃত সামগ্রী নিম্ন মানৰ ব্যৱহাৰ কৰাৰ লগতে প্রয়োজনতকৈ কমকৈ ব্যৱহাৰ কৰি পথটো নির্মাণ কার্য চলাই থকাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।
পথটো নির্মাণ কার্যক লৈ অসন্তুষ্ট হৈ ডিগবৈ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ সম্পাদক শিক্ষান্ত নেওগে নির্মীয়মাণ পথটোৰ ঠিকাদাৰ পক্ষই নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি অধিক মুনাফা আদায়ৰ স্বাৰ্থত দুর্নীতি কৰাৰ সন্দৰ্ভত ক্ষোভ প্রকাশ কৰিছে। ঠিকাদাৰ পক্ষক পথটো সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে।
ইয়াৰ পাছতো যদি ঠিকাদাৰ পক্ষই গুৰুত্ব আৰোপ নকৰে তেন্তে ঠিকাদাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ প্ৰদান কৰিছে।































