DurgaPuja : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত তীর্থস্থানসমূহৰ ভিতৰত শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয়খনও অন্যতম। কৃষ্ণাইৰ কাষৰীয়া টুকুৰাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা এই দেৱালয়খনৰ উৎপত্তি সন্দৰ্ভত বিভিন্ন প্রবাদ প্রচলিত হৈ আছে।
এটি প্রবাদ মতে, দেৱাদিদেৱ মহাদেৱৰ দেহত্যাগী প্রিয়তমা পত্নী সতীৰ নশ্বৰদেহ প্রভু নাৰায়ণে সুদর্শন চক্ৰৰ হতুৱাই খণ্ড খণ্ডকৈ কাটি শিৱক ভাৰমুক্ত কৰোতে সতীৰ খণ্ডিত শৰীৰৰ টুকুৰা দুটি এই স্থানত পৰে আৰু পৰৱৰ্তী কালত এই স্থানতে ঠন ধৰি উঠে শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয়।
সতীৰ দেহৰ টুকুৰা পৰাৰ বাবে এই ঠাই খণ্ডৰ নাম টুকুৰা আৰু তীর্থস্থানখনৰ নাম হৈ পৰে টুক্ৰেশ্বৰী । প্রবাদ মতে, এই স্থানত সতীৰ জিহ্বা আৰু বাম উৰু খণ্ড পৰিছিল। আন এক প্রচলিত কাহিনী অনুসৰি, টোকোৰা নামৰ এজন গৰখীয়াই হেৰোৱা গাই গৰু বিচাৰি গৈ জংঘলৰ মাজত প্রথমতে এই তীর্থস্থানখন উদ্ঘাটন কৰাৰ বাবে পৰৱৰ্তী সময়ত দেৱালয়খনৰ নাম হৈ পৰে টুক্ৰেশ্বৰী।
সেয়া যিয়ে নহওক, ১৮ শতিকাৰ মাজ ভাগৰ পৰাই এই তীর্থস্থানখনত বলি-বিধানেৰে দুর্গা পূজাৰ প্রচলন হৈ থকাৰ তথ্য বুৰঞ্জীত বিদ্যমান। তাহানিৰ বিজনীৰ ৰজা কুমুদ নাৰায়ণে সপোনত পোৱা দেৱীৰ নির্দেশ সাৰোগত কৰিয়ে আনুমানিক ১৮৫০ চন মানৰ পৰা টুক্ৰেশ্বৰী দেৱালয়ত দেৱী পূজাৰ আয়োজন কৰাৰ লগতে পাহাৰৰ চূড়াত মূল পীঠস্থানলৈ ভক্তৰ আহযাহৰ সুবিধাৰ বাবে লোৰ জখলা নিৰ্মাণ কৰি দিয়ে।
এই লোৰ জখলাৰ স্থানত কেইবছৰমান আগতে চৰকাৰী বিভাগে পকী খটখটি সাজি দিছে। পৰম্পৰা ৰক্ষা কৰি সেই বিজনী ৰজাৰ ৰাজত্বৰ সময়ৰ পৰা আজিলৈ দেৱালয়খনত প্ৰতি বছৰে মহাধুম-ধামেৰে দুর্গা পূজাৰ আয়োজন চলি আহিছে।
পৰম্পৰা ৰক্ষা কৰি এইবেলিও আয়োজন কৰা হৈছে শাৰদীয় দুর্গোৎসৱ। উল্লেখ্য যে টুক্ৰেশ্বৰী দেৱালয়ত অনুষ্ঠিত দুর্গা পূজাৰ বৈশিষ্ট্য হ’ল ইয়াত কোনো মৃণ্ময় মূর্তি নাথাকে আৰু পূজাৰ সময়ত হাঁহ, পাৰ, ছাগলী, ফল-মূল আদিৰ লগতে নৱমীৰ দিনা একাধিক অক্ষত ম’হ দুর্গা দেৱীৰ নামত বলি আগবঢ়োৱা হয়। আচৰিত কথা এয়ে যে দেৱীৰ নামত বলি দিয়া ম’হৰ তেজ মন্দিৰত থকা বান্দৰবোৰে মহা আনন্দেৰে পান কৰে।
শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয়ত থকা আছামীজ মেকক প্ৰজাতিৰ শ শ বান্দৰ সমাজ পৰিচালিত হয় নিজ প্ৰজাতিৰ ৰজা-ৰাণীৰ নিৰ্দেশত। টুক্ৰেশ্বৰী দেৱালয়ৰ বান্দৰকুলক আছামীজ মেকক প্ৰজাতিৰ অন্তর্ভুক্ত বুলি থিৰাং কৰিছে আমেৰিকাৰ দুই প্রাণী বিশেষজ্ঞ মেথিউ ক্ৰপাৰ আৰু বেথ জনছনে।
উল্লেখ্য এই বেলি ২০ অক্টোবৰৰ নৱমী পূজাৰ দিনা পুৱা ন বজাৰ ভিতৰত শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয়ৰ দুর্গা পূজাত চাৰিটাকৈ ম’হ বলি হিচাপে আগবঢ়োৱা হ’ব বুলি শ্ৰীশ্ৰীমা টুক্ৰেশ্বৰী মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক বনজ কুমাৰ ৰয়ে জানিবলৈ দিছে।































