HoroscopeToday: : মেষ: মহাষষ্ঠী পূজা অর্থাৎ বিশ্বষষ্ঠী পূজা। দিনটো মধ্যম। ষষ্ঠী পূজাৰ সময়ছোৱাত ক’লা বস্ত্ৰ পৰিধান নকৰিব। নিৰামিষ আহাৰ গ্ৰহণ কৰিব। নিমতিতা আৰু তাল নাখাব।
বৃষঃ ষষ্ঠী পূজা উপলক্ষে মাংগলিক কলগছৰ পুলি ধৰ্মস্থানত দান দিব। নিৰামিষ আহাৰ গ্ৰহণ কৰিব। টেঙা আৰু তিতা খাদ্য বৰ্জন কৰিব। পাঁচগছি ঘিউ চাকি প্রদান কৰিব।
মিথুন: দিনটো আনন্দত যাব। ব্যস্ততা থাকিব। দুর্গাদেৱীক উদ্দেশ্যি ঘিউ চাকি জ্বলাব। ষষ্ঠী পূজাস্থলীত অৱশ্যে উপস্থিত থাকিব।
কর্কট: এই তিথিক বিশ্বষষ্ঠী কোৱা হয়। আজি তিতা নিষিদ্ধ। তালও নিষিদ্ধ। বিশ্বষষ্ঠী পূজা চলি থকা সময়ত ক’লা ৰঙৰ বস্ত্ৰ পৰিধান নকৰিব।
সিংহ: বিশ্বষষ্ঠী উপলক্ষে দিনটো উপবাসে থাকিলে ভাল হ’ব। যষ্ঠী পূজাৰ পাছত খাদ্য গ্রহণ কৰিব।
কন্যা: আজি মহাষষ্ঠী। এই ষষ্ঠীক বিশ্বষষ্ঠী কোৱা হয়। আজিৰ দিনটো মধ্যম। মনত আনন্দ থাকিব। ষষ্ঠী পূজা সময়ছোৱাত ক’লা বস্ত্ৰ পৰিধান নকৰিব। আজি নিমতিতা আৰু তাল ভক্ষণ নকৰিব। কমলা ৰং শুভ।
তুলা: কোনো সংবাদে আনন্দ দিব। খৰচো বৃদ্ধি হ’ব। আজি সন্ধিয়া পাঁচ গছি ঘিউ চাকি মহাষষ্ঠী উপলক্ষে ঘৰত প্ৰজ্বলন কৰিব। সেউজীয়া নাইবা ৰঙা আজিৰ শুভ ৰং। জবা ফুল আৰু চন্দন দেৱী চৰণত অর্পণ কৰিব। মাটিমাহ আৰু তিতা নাখাব।
বৃশ্চিকঃ ষষ্ঠী তিথি উপলক্ষে পূজাত উপস্থিত থাকিব আৰু তিতা নাখাব। নিৰামিষ আহাৰ গ্ৰহণ নকৰিব।
ধনুঃ পুৱা দেৱী মন্দিৰত ৰঙা ফুল দান দিব। ঘৰত পাঁচগছি চাকি জুলাব। ষষ্ঠী পূজা উপলক্ষে মাতৃস্থানীয় মহিলাক মিঠাবস্তু খাবলৈ দিব।
মকৰ: ষষ্ঠী পূজা উপলক্ষে ঘৰত মাংগলিক আল্পনা আঁকিব। ৰঙা বস্ত্ৰ পৰিধান কৰি পূজাস্থলীত থাকিব। নিৰামিষ আহাৰ খাব।
কুম্ভ: মহাষষ্ঠী পূজাত যোগদান কৰিব। কিন্তু অনুষ্ঠানত ক’লা বা মাটিয়া ৰঙৰ বস্ত্ৰ বৰ্জন কৰিব। নৱ পত্রিকাক ধূপ-চাকিৰে আৰতি কৰিব।
মীন: মহাষষ্ঠী পূজাৰ দিনা ঘৰত জল পূৰ্ণ মংগল ঘটৰ স্থাপন কৰা ভাল। ষষ্ঠী পূজাৰ সময়ত নীলা আৰু ক’লা বস্ত্ৰ বৰ্জন কৰিব।
































