DurgaAshtami : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আজি ষষ্ঠী। মণ্ডপত অধিষ্ঠিত হয় মহামায়া। দশভূজা দেৱীৰ দিশে অপলক নেত্রে মুগ্ধ হৈ চাই প্রণিপাত জনায় অগণন ভক্তই। চকু আঁতৰাই নিব নোৱাৰে আদ্যাশক্তিৰ সেই ৰূপৰ পৰা। অথচ দেৱীৰ এই ৰণাংগিনী ৰূপৰ অন্তৰালত যাৰ অৱদান সবাতোকৈ বেছি, তেওঁ হৈছে মহাতেজস্বী শ্বেত সিংহ।
হিমালয় ৰাজে স্বয়ং দেৱীক এই ভয়ংকৰ বাহনটো উপহাৰ দিছিল। প্রথম দর্শনত এক স্বাভাৱিক হিংস্র পশুৰাজ যেন লাগিলেও শাস্ত্ৰৰ মতে, এই সিংহৰ প্ৰত্যেক অংগ-প্রত্যংগত দেৱসমাজে অৱস্থান কৰা দেখা যায়।
পুৰাণকথা পর্যালোচনা কৰিলে দেখা যায় এক অবিশ্বাস্য তথ্য। দেৱীৰ বাহন সিংহৰ গ্ৰীবাত মধুসূদন বিষ্ণু, শিৰত স্বয়ং নীলকণ্ঠ শিৱ আৰু ললাটত বিৰাজ কৰে দেৱী গিৰিজাই। কেৱল সেয়াই নহয়, এই সিংহৰ বক্ষস্থলত স্বয়ং শাৰদা, মণিবন্ধত ষড়ানন কার্তিক আৰু পার্শ্বদেশত বিৰাজমান নাগকুল।
কর্ণদ্বয়ত স্থান পাইছে স্বর্ণবৈদ্য অশ্বিনীকুমাৰদ্বয়ে। দেৱীবাহনৰ এই অভাৱনীয় দৈৱ বিন্যাস যেন সমগ্র ব্ৰহ্মাণ্ডৰ এক অদ্ভুত প্রতীক।
সিংহটো কেৱল তেজৰ প্ৰতীক নহয়, বৰঞ্চ ই সৰ্বদেৱময় সনাতন শক্তিৰ একক ৰূপ। তাৰ নয়নযুগলত চন্দ্ৰ আৰু সূৰ্যৰ তেজ। দন্তাৱলীত অষ্টবসু আৰু জিভাত জলদেৱতা বৰুণ বিৰাজিত। সিংহৰ এক হুংকাৰতে প্রকাশিত হয় দেৱী চণ্ডিকা।
গণ্ডদ্বয়ত যক্ষ আৰু যমৰাজ, ওঁঠত দুই সন্ধ্যাদেবী আৰু পৃষ্ঠদেশত স্থান পাইছে স্বৰ্গৰ অধিপতি দেৱৰাজ ইন্দ্রই। আনকি সিংহৰ শৰীৰৰ ক্ষুদ্রাতিক্ষুদ্র অংশতো লুকাই আছে সৃষ্টি আৰু প্ৰকৃতিৰ ৰহস্য। তাৰ গ্ৰীবাসন্ধিত ২৬ নক্ষত্র, হৃদয়ত সাধ্যগণ, প্রাণত মাতৃকুল আৰু ৰূপত স্বয়ং দেৱী কমলাই বিচৰণ কৰিছে।
কেশজালত প্রদীপ্ত সূৰ্যৰশ্মিৰ ন্যায় দেৱী বিমলা সংস্থিতা।শাস্ত্র মতে, এই সিংহ স্বয়ং হৰি অর্থাৎ বিষ্ণুৰেই আন এক ৰূপ। দেৱীৰ এই আসন মেৰুশৃংগৰ দৰে শুভ্র আৰু অমলিন।
যাৰ ভিতৰত ব্ৰহ্মা, বিষ্ণু আৰু শিৱ সমবেত হৈছে, তেওঁ কেৱল হিংস্র পশু হৈয়েই নাথাকে, হৈ পৰম পূজনীয় ‘শ্রীসিংহ’।সেই বাবেই দুর্গোৎসৱত দেৱীৰ সমান্তৰালকৈ এই মহাজাগতিক সিংহৰ পূজাও বাধ্যতামূলক।
সকলো বিঘ্ন বিনাশ কৰি ভক্তসকলৰ মনোবাঞ্ছা পূৰণ কৰিবলৈকে দেৱীৰ স’তে মর্ত্যলৈ আগমন ঘটে এই মহাশক্তিধৰৰ।






























