CockroachJanataParty : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল ‘ককৰোচ জনতা পাৰ্টি’ (CJP)-ৰ মুৰব্বী অভিজিৎ দিপকেক। শুকুৰবাৰে গোটেই দিনটো আৱদ্ধ কৰি ৰখাৰ পাছত শনিবাৰে পুৱা দিল্লী আৰক্ষীয়ে জনায় যে ‘প্ৰিভেণ্টিভ এৰেষ্ট’ (আগতীয়া সতৰ্কতামূলক পদক্ষেপ হিচাপে গ্ৰেপ্তাৰ) কৰা হৈছে ককৰোচসকলৰ প্ৰধান মুখ অভিজিৎ দিপকেক।
শনিবাৰেই তেওঁক দিল্লীৰ বিশেষ এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ আদালতত হাজিৰ কৰোৱা হ’ব। CJPৰ দুই মুখপাত্ৰ সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
বৰ্তমান তেওঁলোক কাৰাগাৰৰ জিম্মাত আছে। দুয়োকে তিহাৰ জে’লত ৰখা হৈছে। এইবাৰ তেওঁলোকৰ সংগঠনৰ মুৰব্বী দিপকেকো সতৰ্কতামূলক পদক্ষেপ হিচাপে গ্ৰেপ্তাৰ কৰা হ’ল। আৰক্ষীৰ বক্তব্য অনুসৰি, শান্তি ভংগৰ আশংকাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১২৬ আৰু ১৭০ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে দিপকেক।
উল্লেখ্য যে নাগৰিক সুৰক্ষা সংহিতাৰ ১৭০ ধাৰাৰ অধীনত কোনো অপৰাধ প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে কোনো পৰোৱানা বা মেজিষ্ট্ৰেটৰ নিৰ্দেশ অবিহনেই কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিব পাৰে।
শনিবাৰে পুৱা ‘ককৰোচ’সকলৰ আইনী পৰামৰ্শদাতা দলৰ মুৰব্বী ৰত্না সিংহই দাবী কৰে যে দিপকে-ক আৰক্ষীয়ে ক’ত আৱদ্ধ কৰি ৰাখিছে, সেই বিষয়ে সংগঠনৰ কোনোৱেই নাজানে। আনকি অধিবক্তাসকলকো তেওঁৰ সৈতে সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই বুলি অভিযোগ কৰে তেওঁ।
প্ৰকৃততে, CJPৰ যন্তৰ মন্তৰ অভিযানৰ সময়তো সংগঠনটোৰ তিনিগৰাকী প্ৰধান মুখক দিল্লী বিমানবন্দৰৰ পৰাই ‘প্ৰিভেণ্টিভ এৰেষ্ট’ কৰিছিল আৰক্ষীয়ে। পিছত এবছৰলৈ ‘শান্তি বজাই ৰখা’ৰ চৰ্তত জামিন লাভ কৰিছিল সৌৰভসকলে। তাৰ দুদিন পিছতে পুনৰ ‘নিষিদ্ধ’ যন্তৰ মন্তৰত (তেতিয়ালৈ যন্তৰ মন্তৰক ‘নিৰ্ধাৰিত প্ৰতিবাদস্থলীৰ’ তালিকাৰ পৰা বাদ দিছিল আৰক্ষীয়ে) প্ৰৱেশ কৰে সৌৰভ আৰু ৰাঙ্কাই।
পুনৰ গ্ৰেপ্তাৰ কৰা হয় তেওঁলোকক। সেইবাৰ আদালতে তেওঁলোকক পাঁচ দিনৰ কাৰাগাৰৰ জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছিল।
শুকুৰবাৰে দিল্লীৰ যন্তৰ মন্তৰৰ ওচৰৰ কনট প্লেচত ‘তেৰংগা উৰাও’ কাৰ্যসূচীৰ আহ্বান জনাইছিল CJPয়ে। সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে শুকুৰবাৰে পুৱাই আটক কৰা হয় দিপকে-ক। পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। শুকুৰবাৰে CJPৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ আটক হয় আইছা নেত্ৰী নেহা বৰাও।
অৱশ্যে নিশাই তেওঁক মুকলি কৰি দিয়ে আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ জিম্মাৰ পৰা মুক্তি পোৱাৰ পিছত নেহাই অভিযোগ কৰে যে কোনো কাৰণ নোহোৱাকৈ প্ৰতিবাদকাৰীসকলক আটক কৰি ঘণ্টাৰ পিছত ঘণ্টা জিম্মাত ৰখা হৈছে। সাধাৰণ নাগৰিকৰ মনত ভয় সুমুৱাই দিয়াৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি দাবী কৰে আইছা নেত্ৰীগৰাকীয়ে।
নেহাই কয়, “আমি দেখিবলৈ পাইছোঁ যে প্ৰতিবাদকাৰীসকলক আটক বা গ্ৰেপ্তাৰ কৰা হৈছে। পিছদিনা পুৱা বা সন্ধিয়া তেওঁলোকক পুনৰ মুকলি কৰি দিয়া হৈছে। আজি মই ব্যক্তিগতভাৱে সেই পৰিস্থিতিৰ সন্মুখীন হ’লোঁ। কিয় এনেদৰে অবৈধভাৱে আটক কৰা হৈছে, ইয়াৰ উদ্দেশ্য কি? সাধাৰণ নাগৰিকৰ মনত ভয় সুমুৱাই দিয়াৰ বাবেই এই সকলোবোৰ কৰা হৈছে।”































